...

মাজ আকাশতে ভাঙিল বিমানৰ সন্মুখঃযাত্ৰীৰ মাজত কান্দোনৰ ৰোল

Spread the love

প্ৰচণ্ড শিলাবৃষ্টিৰ মাজেৰে শ্ৰীনগৰ অভিমুখী বিমানত দুৰ্ঘটনা

কথমপি প্ৰাণ ৰক্ষা যাত্ৰীসহ পাইলট,ক্ৰু মেম্বাৰ

বুধবাৰে দিল্লীৰ পৰা শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক প্ৰাকমুহূৰ্তত বিমানখন শিলাবৃষ্টিৰ সন্মুখীন হয়

_পাইলটৰ দক্ষতাৰ বাবেই প্ৰাণ ৰক্ষা_

সকলো ক্ৰু মেম্বাৰ আৰু ২২৭ জন যাত্ৰী সুৰক্ষিত

চাইন অন ডেক্সঃ

 

প্ৰাকৃতিক দুৰ্যোগৰ ফলত দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী এখন বিমান ভয়ানকভাৱে মাজ আকাশতে ক্ষতিগ্ৰস্ত হোৱাৰ দৃশ্যই বুকু কপাই তুলিছে বহুজনৰ। মাজ আকাশতে বিজুলী পৰি বিমানখনৰ সন্মুখৰ অংশ ভাঙি যোৱাত বিমানখনত থকা যাত্ৰীৰ মাজত লাগে হুৱাদুৱা।

 

প্ৰকৃতিৰ ৰোষৰ বলি হলেও অৱশ্যে বিমানখনত থকা ২২৭ জন যাত্ৰীক লৈ নিৰাপদে শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰিবলৈ সক্ষম হয় ইণ্ডিগ’ৰ বিমানখন। কিন্তু মাজ আকাশত বিজুলী পৰি বিমানখনৰ সম্পূৰ্ণ অংশ ভাঙি যোৱাৰ পিছত বিমানখনত থকা যাত্ৰীসকলৰ মাজত সৃষ্টি হোৱা পৰিস্থিতিৰ যি ভিডিঅ’ ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’ই এতিয়াও বহুতকে সন্ত্ৰষ্ট কৰি তুলিছে।

উল্লেখ্য যে, বুধবাৰে বিয়লি সমগ্ৰ উত্তৰ ভাৰতত ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। দিল্লীত ঘণ্টাত প্ৰায় ৯৭ কিলোমিটাৰ বেগেৰে বলে ধুমুহা। ফলত বহু অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। এনে প্ৰতিকূল বতৰৰ মাজতে ইণ্ডিগ’ৰ এখন বিমান শ্ৰীনগৰ অভিমুখে ৰাওনা হয়।

6E2142 বিমানখনে ২২৭ গৰাকী যাত্ৰীক লৈ উৰণ আৰম্ভ কৰাৰ পিছতে বতৰে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে। দিল্লীৰ পৰা শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক প্ৰাকমুহূৰ্তত বিমানখন শিলাবৃষ্টিৰ সন্মুখীন হয়। ফলত বিমানখনত প্ৰচণ্ড জোকাৰণিৰো সৃষ্টি হয়।

এনে এক পৰিস্থিতিত আতংকিত হৈ পৰে যাত্ৰীসকল। বিজুলী পৰি আগঅংশও ধ্বংস হৈ পৰে।বিমানখনত ইটোৰ পিছত সিটো শিল পৰিবলৈ ধৰাত অধিক কঁপিবলৈ ধৰে। ইয়াৰ বহু দৃশ্য ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

কিন্তু অনেক সমস্যা আৰু বিপদৰ মাজতো পাইলটৰ ধৈৰ্য আৰু অক্লান্ত পৰিশ্ৰমৰ বাবে বিমানখন যাত্ৰীসকলক নিৰাপদে লৈ সন্ধিয়া ৬:৩০ বজাৰ ভিতৰত শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰে। অৱশ্যে বিমানখনৰ যাত্ৰীসকলে তেতিয়ালৈকে বিমানৰ সন্মুখৰ অংশ যে সম্পূৰ্ণৰূপে ভাঙি পৰিছে সেই বিষয়ে অৱগত নাছিল। সেই দৃশ্য দেখাৰ পিছত অধিক সন্ত্ৰষ্ট হৈ পৰে তেওঁলোক। তেতিয়ালৈকে তেওঁলোক হৈ পৰে নিৰাপদ।

পিছত বিমান সংস্থাটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে, সকলো ক্ৰু মেম্বাৰ আৰু ২২৭ জন যাত্ৰী সুৰক্ষিত। উপযুক্ত প্ৰট’কল মানি বিমানখন অৱতৰণ কৰা হৈছে। বিমান পৰিচাৰিকাসকলে যিমান পাৰে যাত্ৰীসকলৰ কাষত থাকিবলৈ চেষ্টা কৰিছিল।

তাৰোপৰি তেওঁলোকে জনাইছে শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত বিমানখন মেৰামতিৰ বাবে প্ৰেৰণ কৰা হ’ব। আনহাতে, ভয়াৱহ দুৰ্যোগৰ মাজতো বিমানখন অৱতৰণ কৰাত পাইলটক নেটিজেনসকলে যথেষ্ট প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *