...

অমৰ মৃতক’ দিৱস উপলক্ষে উচ্চতম পৰিষদৰ সভাপতি পৰেশ বৰুৱাৰ বক্তব্য (হুবহু প্ৰকাশ)

Spread the love

অমৰ মৃতক’ দিৱস উপলক্ষে উচ্চতম পৰিষদৰ সভাপতি পৰেশ বৰুৱাৰ বক্তব্য (হুবহু প্ৰকাশ)

চাইন অন ডেস্ক:

বৃটিছ আৰু মান ৰজাৰ দ্বাৰা স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিপত্ৰৰ পৰিপ্ৰেক্ষিতত সাৰ্বভৌম স্বাধীন অসমৰ স্বতন্ত্ৰ ৰাজনৈতিক অধিকাৰ লোপ পোৱাত আৰু পিছলৈ ঔপনিৱেশিক দখলদাৰি বাহিনীৰ দ্বাৰা অবৈধ আৰু অন্যায়ভাৱে ভাৰত ৰাষ্ট্ৰই অসমৰ স্বাধীনতা হৰণ কৰি আজিকোপতি যি নব্য ঔপনিৱেশিক শাসন-শোষণ অব্যাহত ৰাখিছে; সেই উপনিৱেশবাদক মষিমূৰ কৰি স্বাধীন অসমৰ হেৰুৱা গৰিমা পুনৰ উদ্ধাৰ আৰু পুনৰ প্ৰতিষ্ঠাৰ বাবে অসমী আইৰ যি সকল বীৰ সন্তানে অসমৰ আজি আৰু কাইলৈৰ বাবে মুক্তি বিপ্লৱৰ যোগেদি নিজৰ নিজৰ জীৱন দি ওপজা মাটিৰ সেৱা কৰি গ’ল, সেই সকলৰ অমূল্য ত্যাগ আৰু সন্মানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমাৰ সংগঠন, “সংযুক্ত মুক্তি বাহিনী অসম [স্বাধীন]”ৰ অনন্য গুৰুত্বপূৰ্ণ দিন “অমৰ মৃতক দিৱস” আজি৷ শত-সহস্ৰ অসম সন্তানৰ কলিজাৰ কেঁচা তেজেৰে সিক্ত মুক্তি বিপ্লৱৰ বুৰঞ্জীৰ পৃষ্ঠাত ২৭ জুলাই দিনটো থলগিৰি জনগণৰ মানসপটত চিৰস্মৰণীয় হৈ আহিছে৷
“সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ লক্ষ্য-উদ্দেশ্য, নীতি-আদৰ্শত অনুপ্ৰাণিত হৈ অদম্য সাহস আৰু নিভাঁজ দেশপ্ৰেমৰ অনুপম নিদৰ্শন দাঙি ধৰা আজিৰ এই ‘অমৰ মৃতক’ দিৱসৰ ৰক্ত ৰঞ্জিত পৱিত্ৰ দিনটোত সংগঠনৰ শীৰ্ষতম নেতা-বিষয়াৰ পৰা কনিষ্ঠতম মুক্তি সেনানী গৰাকীৰ ওপৰিও যিসকল সাধাৰণ থলগিৰি জনগণ ঔপনিৱেশিক ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈ মৃত্যুক আঁকোৱালি লব লগা হ’ল সেই প্ৰতিগৰাকী ‘অমৰ মৃতক’ৰ আত্মবলিদানক কৃতজ্ঞতাৰে সুঁৱৰি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেখেতসকলৰ স্মৃতিত শিৰ-নত কৰি সন্মান জনাইছোঁ; সুঁৱৰিছোঁ তেখেতসকলৰ অসীম সাহসৰ কথা। সোণ-সেৰীয়া বুৰঞ্জীয়ে হাতবাউলি ৰিঙিয়াই থকা অসমৰ আজন্ম ৰাজনৈতিক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে, অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ ধ্বজা উৰুৱাবলৈ অনিৰ্বাণ প্ৰতিৰোধী মুক্তি বিপ্লৱত শতুৰুৱে কাঢ়ি লৈ যোৱা শত-শত বীৰ অসম সন্তানৰ গৌৰৱান্বিত পিতৃ-মাতৃ তথা পৰিয়াল-পৰিজনক সমবেদনা জ্ঞাপন কৰিছোঁ; প্ৰণিপাত জনাইছোঁ তেখেতসকলৰ অমৰ ত্যাগক৷ লগতে চিৰঘূণীয়া হৈ দুৰ্বিষহ জীৱনৰ নিকৰুণ বাস্তৱতাক মানি সত্য জয়ৰ বাবে অপেক্ষাৰত সকলৰ আশু আৰোগ্যৰ কামনা কৰিলোঁ। এই সুবাদতে যুদ্ধবাজ ঔপনিৱেশিক ৰাষ্ট্ৰৰ ভেৰোণীয়া বাহিনীয়ে অন্যায় তথা স্বৈৰাচাৰীভাৱে যিসকল মুক্তিকামী জনগণক অসমৰ বিভিন্ন কাৰাগাৰত আজিকোপতি বন্দী কৰি ৰাখিছে, তেওঁলোকলৈ সহমৰ্মিতা জনাই বিনাচৰ্তে মুক্তিৰ দাবী কৰিছোঁ।
পৃথিৱীৰ প্ৰত্যেক জাতিয়েই নিজ জন্মভূমিক বুকুৰ শোণিতৰে ভালপাই৷ বিশ্বৰ প্ৰতিটো স্বাধীনচিতিয়া জাতিয়ে কেঁচা তেজৰ বিনিময়ত নিজৰ জন্মভূমি তথা দেশৰ সাৰ্বভৌম স্বাধীনতা অক্ষুণ্ন ৰাখিবলৈ সক্ষম হৈছে৷ এই মৰতৰ আন আন স্বাধীনমনা জাতিসমূহৰ দৰেই অসমো তাৰ ব্যতিক্ৰম নহয়৷ বুৰঞ্জীৰ পাতে পাতে সি বিদ্যমান৷
আহোম শাসনৰ সময়চোৱাত সোতৰবাৰকৈ দিল্লীৰ শাসকে চলোৱা আক্ৰমণত অসমী আইক ভালপোৱা হেজাৰ-বিজাৰ অসম সন্তানে কলিজাৰ কেঁচা তেজেৰে আইৰ আঁচল তিয়াই অসমী আইৰ গৌৰৱোজ্জ্বল ঐতিহ্য অক্ষুণ্ন ৰাখি গৈছে৷ কেৱল “আলাবৈ ৰণ”তেই একেদিনাই প্ৰায় দহ হেজাৰ থলগিৰি সৈন্যই নিজৰ জীৱন উচৰ্গাৰে ওপজা মাটিৰ সাৰ্বভৌম স্বাধীনতা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত বৃটিছ ঔপনিৱেশিক কালচোৱাত গোমধৰ কোঁৱৰ, ধনঞ্জয় বৰগোহাঁই, পিয়লি ফুকন, পিয়লি বৰুৱা, জীউৰাম দুলীয়াবৰুৱা আদি বহুতো অসমী আইৰ বীৰ সন্তানে নিজৰ জীৱন উচৰ্গাৰে স্বাধীনতা বিপ্লৱৰ বীজ অঙ্কুৰিত কৰি নিভাজ দেশপ্ৰেমৰ চানেকি সৃষ্টি কৰি থৈ গৈছে৷ সেইদৰে বৃটিছৰ অন্যায়-অনীতিৰ বিৰুদ্ধে পথৰুঘাটত প্ৰায় ১৪০ গকাৰী থলগিৰিয়ে প্ৰাণ আহুতি দিয়াৰ লগতে প্ৰায় ১৫০ গৰাকী থলগিৰি আহত হয়৷
বৃটিছৰ ক্ষমতা হস্তান্তৰৰ পিচত ভাৰতে চলে-বলে-কৌশলেৰে অসমক তথা-কথিত ভাৰতৰ সৈতে সাঙুৰি লোৱাত পুনৰ এবাৰ অসমৰ স্বাধীনতাৰ বেলি মাৰ যোৱাৰ উপক্ৰম হ’ল৷ সেই হেৰুৱা স্বাধীনতা উদ্ধাৰ পৰি পুনৰ প্ৰতিষ্ঠাৰ বাবে ১৯৭৯ চনৰ ৭ এপ্ৰিলত তৰা “সন্মিলিত সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱ”ৰ নেতৃত্ব প্ৰদান কৰা “সংযুক্ত মুক্তি বাহিনী, অসম” চমুকৈ আলফাৰ সংগ্ৰামৰ ভয়ে খেদি ফুৰা নব্য ঔপনিৱেশিক ভাৰতীয় ভেৰোণীয়া বাহিনীয়ে ১৯৯১ চনৰ আজিৰ দিনটোতেই দৰঙৰ দীপিলাৰ পাঁচ গৰাকী নিৰীহক স্বাধীনতাৰ মুক্তি সেনানী সজাই হত্যা কৰে৷
সেই আৰম্ভণিৰ কিছু পূৰ্বে ১৯৯০ চনৰ ২৮ নৱেম্বৰৰ নিশা ভাৰতীয় শাসকে অসম চৰকাৰখনক অন্যায়ভাৱে ক্ষমতাচ্যুৎ কৰি অসমত ঔপনিৱেশিক ক’লা আইন প্ৰণয়নেৰে দখলদাৰি বাহিনীৰ যোগে মুক্তি বিপ্লৱ দমনৰ নামত অসমৰ থলগিৰি জনগণৰ ওপৰত যি বৰ্বৰ কাণ্ড সংগঠিত কৰিলে সেয়া বুৰঞ্জীৰ এক ক’লা অধ্যায়৷
উল্লেখ্য যে, আলফা দমনেৰে অসম-ভাৰতৰ ৰাজনৈতিক সংঘাত সমাধান কৰাৰ উদ্দেশ্যেৰে ঔপনিৱেশিক ভাৰতৰ ভেৰোণীয়া বাহিনীয়ে চলোৱা অপাৰেচন বজৰঙত ঔপনিৱেশিক ৰাষ্ট্ৰৰ সামৰিক অস্ত্ৰাগাৰত সঞ্চিত সেই সময়ৰ সকলোপ্ৰকাৰৰ আধুনিক অস্ত্ৰ-শস্ত্ৰ আলফাৰ বিৰুদ্ধে প্ৰয়োগ কৰিও সফল হ’ব নোৱাৰাত তাৰ প্ৰায় ছয়মাহৰ পিছৰ পৰাই পৰ্যায়ক্ৰমে “শ্বেৰ-ই-ডিল, ৰাইন’, কোব্ৰা, গ’ল্ডেন বাৰ্ড, ভূটান অল ক্লিয়াৰ [এই অভিযানত দখলদাৰি বাহিনীয়ে আলফাৰ বিৰুদ্ধে অত্যাধুনিক সমৰাস্ত্ৰ বফ’চ ব্যৱহাৰ কৰিছিল], ক্লাউড নাইন, ব্লেজিং খুকুৰি, আৰ্কিড, থানডাৰ ষ্টৰ্ম” আদি সামৰিক আক্ৰমণে মুক্তি সেনানীৰ সকলৰ লগতে অনেক সাধাৰণ জনগণৰ জীৱন কাঢ়ি লৈ গ’ল৷ দখলদাৰি শত্ৰুৰ পৰা ওপজা মাটিৰ স্বাধীনতা ৰক্ষা কৰিবলৈ এইদৰে যুগে যুগে অসমী আইৰ যোগ্য বীৰ সন্তানে বুকুৰ শোণিতেৰে অসমৰ মুক্তি বিপ্লৱৰ বুৰঞ্জীৰ পাতত নিজৰ নাম খোদিত কৰা “অমৰ মৃতক” সকলৰ নাম চিৰকাল উদ্দীপ্ত হৈ থাকিব৷
শেহতীয়াকৈ যোৱা ১৩ জুলাইৰ তাৰিখে পুৱতি নিশা ঔপনিৱেশিক ভাৰতীয় ভেৰোণীয়া বাহিনীয়ে ম্যানমাৰস্থিত নাগা অধ্যুষিত অঞ্চলৰ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ একাধিক চলমান শিবিৰত আধুনিক প্ৰযুক্তিৰ আত্মঘাটি ড্ৰোণ, যুঁজাৰু বিমানৰ পৰা মিছাইল আক্ৰমণ তাৰেই জ্বলন্ত উদাহৰণ৷ যি আক্ৰমণত আমাৰ সংগঠনৰ নিম্ন পৰিষদৰ সন্মানীয় সভাপতি জেনেৰেল নয়ন অসম, সহঃ বিত্ত সম্পাদৰ মেঃ জেঃ গণেশ অসম আৰু সামৰিক সদস্য টিকেন্দ্ৰ অসমে ‘অমৰ মৃত্যুক’ বৰণ কৰিব লগা হয়।
কোৱাৰ বাহুল্য যে, অসমৰ থলগিৰৰ স্বকীয় বুৰঞ্জীৰ ঐতিহ্য-পৰিচয়েৰে মহিমামণ্ডিত চহকী জাতিৰ আৱেগ-অনুভূতি আৰু প্ৰাপ্য অধিকাৰক ঔপনিৱেশিক ৰাষ্ট্ৰই তাৰ দখলদাৰি বাহিনীৰ সামৰিক শক্তি প্ৰয়োগেৰে অন্যায়-অনীতিৰে আমাৰ সংগঠনৰ নেতা, বিষয়া, সদস্য/সদস্যাক হত্যা কৰি অথবা বিভিন্ন প্ৰকাৰৰ লোভ-লালসা, প্ৰলোভন দি দিকভ্ৰষ্ট কৰি অসমৰ হৃত স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ বিপ্লৱখনক নিঃশেষ কৰি অসমৰ ওপৰত অভিভাৱকৰ কৰ্তৃত্ব যুগ-যুগান্তলৈ বাহাল ৰাখিব বিচাৰিছে৷ যিটো কোনো স্বাধীনমনা জাতিয়ে মানি লব নোৱাৰে৷ নিজকে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি জাহিৰ কৰিব বিচৰা ভাৰতে আত্মোলব্ধি কৰা উচিত যে অসম আৰু অসমৰ থলগিৰি জনগণে ভাৰতৰ ঔপনিৱেশিক কবলৰ পৰা সাৰ্বভৌম স্বাধীনতা বিচৰাটো সুস্থ গণতন্ত্ৰত বিশ্বাসী সকলো নাগৰিকৰ আৰু ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত অধিকাৰ৷ কিন্তু ঔপনিৱেশিক ভাৰতৰ শাসক সকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ ন্যাৰ্য্যতাক সন্মান প্ৰদৰ্শন কৰাৰ সলনি সামৰিক শক্তি প্ৰয়োগ কৰি সংগ্ৰামখন নিঃশেষ কৰিবলৈহে উঠিপৰি লাগিছে৷ ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ এই চৰিত্ৰৰ বাবে অসমৰ স্বাধীনতা বিপ্লৱখন দীঘলীয়া হোৱাতো স্বাভাৱিক আৰু দৃঢ়মনা অসমী আইৰ শত শত বীৰ সন্তানে তাৰ হেৰুৱা আজন্ম ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ বাবে জীৱন উচৰ্গা কৰিবলৈ প্ৰস্তুত থাকিব৷ এই দীঘলীয়া বিপ্লবখনত যদিওবা “অমৰ মৃতক”ৰ তালিকাখন দীঘলীয়া হৈ গৈ থাকিব সিয়ে আমাক আমাৰ কাংক্ষিত লক্ষ্যপ্ৰাপ্তিৰ পৰা বিচলিত অথবা হতাশ কৰিব নোৱাৰে৷ বৰঞ্চ “অমৰ মৃতক” সকলৰ ত্যাগে আমাক আমাৰ লক্ষ্য-প্ৰাপ্তিৰ বাবে সংগ্ৰামখন বাহাল ৰাখিবলৈ স্থিতপ্ৰজ্ঞ হৈ থাকিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিতহে কৰিব৷ প্ৰণিধানযোগ্য, “তেজ আৰু ঘাম” স্বাধীনতা সশস্ত্ৰ বিপ্লৱৰ এক অপৰিহাৰ্য্য অংগ। পৃথিৱীত এনে কোনো দেশ নাই যাৰ স্বাধীনতাৰ সংগ্ৰামত ৰক্তক্ষয় হোৱা নাই। যিহেতু “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ লক্ষ্য স্থিৰ, উদ্দেশ্য মহৎ আৰু আত্মবিশ্বস দৃঢ়, গতিকে আমাৰ লক্ষ্য-উদ্দেশ্যত আমাক উপনীত হোৱাত কোনো শক্তিয়েই হেঙাৰ হ’ব নোৱাৰে৷
শেষত, ঔপনিৱেশিক ভাৰতীয় দখলদাৰি বাহিনীয়ে চলোৱা প্ৰতিটো সামৰিক অভিযানত যিসকল অসমী আইৰ যোগ্য বীৰ সন্তানে কলিজাৰ কেঁচা তেজেৰে শলিতা জ্বলাই আইৰ সেৱা আগবঢ়াই থৈ গৈছে; তেখেত সকলৰ সেই মহান ত্যাগক সুঁৱৰি ২৭ জুলাই, এই গৌৰৱোজ্জ্বল দিনটো অসমৰ বিপ্লৱী বুৰঞ্জী তথা জাতীয় জীৱনৰ বাবে এটা মাইলৰ খুঁটি ৰূপে চিৰযুগমীয়া কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। “অমৰ মৃতক”ৰ অম্লান অৱদানৰ স্মৃতিৰে গাঁথা এনে এটা বিমল ক্ষণত আমাৰ ঐতিহাসিক দায়িত্ব পালনত পুনৰবাৰ সামূহিক প্ৰতিশ্ৰুতিবদ্ধতা- “আমৃত্যু পৰ্য্যন্ত স্বদেশ-স্বজাতিৰ মহান স্বাৰ্থত নিবেদিত প্ৰাণ হৈ অৰ্পিত দায়িত্ব কঢ়িয়াম।” সেই প্ৰত্যয় ভৰা দৃঢ়তা প্ৰতিগৰাকী সহযোদ্ধাই শিলৰ ৰেখা বুলি গণ্য কৰোঁ। আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ শত-সহস্ৰ ‘অমৰ মৃতক’ক স্মৃতিচাৰণ কৰি আৰু বৈৰীৰাষ্ট্ৰৰ সন্ত্ৰাসত যিসকল থলগিৰি শাৰীৰিক-মানসিকভাৱে নিগৃহীত সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে থলগিৰি জনগণৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷

 

জেনেৰেল পৰেশ অসম
সভাপতি, উচ্চতম পৰিষদ
সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)

Leave a Reply

Your email address will not be published. Required fields are marked *