ডিব্ৰুগড়ত গীত-নৃত্য- কবিতা – শিল্পীক সম্বৰ্দ্ধনা
সাংস্কৃতিক মহাসভা অসমৰ শিল্পী দিৱস উদযাপন
*চাইন অন ডেস্ক:
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পদৰেণুৰে ৰঞ্জিত ডিব্ৰুগড়ত, সাংস্কৃতিক মহাসভা,অসমৰ ডিব্ৰুগড় জিলা সমিতি আৰু মহাবাহু সংগীত একাডেমীৰ যৌথ উদ্যোগত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ৭৬ সংখ্যক স্মৃতি দিৱস শিল্পী দিৱস ৰূপে উদযাপন কৰা হয়।সাংস্কৃতিক মহাসভা, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰমোদ দত্তৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ বাৰে বৰণীয়া কাৰ্যসূচীত জ্যেষ্ঠশ্ৰী সন্মান প্ৰাপক ডাঃ বিপিন্দ্ৰ নাথ কাকতি, সাংস্কৃতিক মহাসভা,অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বিনোদ কুমাৰ বড়া, তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ ভুবন গগৈ, শিল্পী ৰঞ্জু ভট্টাচাৰ্য্য, সমাজকৰ্মী সন্ধ্যাৰাণী দত্ত , কৃষ্ণকান্ত বড়া, উৎপলা দাস, বিশিষ্ট বিহুৱা ৰাজীৱ গগৈ, ৰিন্টু সোণোৱাল আদিৰ লগতে উপস্হিত বিভিন্ন জনে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত সাৰুৱা মন্তব্য আগবঢ়ায়।অসম গণ পৰিষদ দলৰ ডিব্ৰুগড় সদৰ কাৰ্য্যলয় প্ৰেক্ষাগৃহত অনুষ্ঠিত শিল্পী দিৱসৰ কাৰ্যসূচীত মহাবাহু সংগীত একাডেমীৰ ছাত্ৰী সকলৰ লগতে, নয়নজ্যোতি বাইলুঙে জ্যোতিপ্ৰসাদৰ গীতৰ ওপৰত নৃত্য পৰিৱেশন কৰাৰ লগতে, জুপিতৰা কাকতি, ৰীতামণি দাস শইকীয়া, মানৱ গগৈয়ে জ্যোতি সংগীত পৰিৱেশন, শিল্পী পলাশ নাথৰ মাউথ অৰ্গেন পৰিৱেশন, দেৱলিনা প্ৰিয়ম দাস, পপী ৰাজকোঁৱৰ শইকীয়া, বিবিজান দত্ত, ময়ুৰাক্ষী বৰুৱা,ৰাজশ্ৰী সেনাপতি গগৈৰ দ্বাৰা পৰিৱেশন কৰা কবিতা আবৃত্তিয়ে অনুষ্ঠানটি অধিক আকৰ্ষণীয় কৰি তোলে।এই অনুষ্ঠানতে বিশিষ্ট কথক নৃত্য শিল্পী মীৰা কলিতাক তেওঁৰ জীৱন যোৰা সাংস্কৃতিক কৰ্মৰাজীৰ বাবে শিল্পী সম্বৰ্দ্ধনা জনোৱা হয় | সাংস্কৃতিক মহাসভা, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত লেজাই-কলাখোৱা আঞ্চলিক সমিতি, ৰাজগড় আঞ্চলিক সমিতি, ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলৰ লগতে নৃত্য পটীয়সী উত্তৰা শেনচোৱা, মাধুৰী বৰুৱা গগৈ, মৃনালিনী ভূঁঞা বৰদলৈ, দিলীপ কুমাৰ দাস, পীতাম্বৰ দিহিঙীয়া, দিলীপ বৰদলৈ, বিবি বড়া, ভদ্ৰেশ্বৰ গগৈ জ্যোস্না গগৈ আদি বিশিষ্ট ব্যক্তি সকল উপস্হিত থাকি শিল্পী দিৱসৰ কাৰ্যসূচী সফল কৰি তোলা বুলি সাংস্কৃতিক মহাসভা,অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতা আৰু মহাবাহু সংগীত একাডেমীৰ অধ্যক্ষা দিপীকা গগৈয়ে জানিবলৈ দিছে ।