আজি বিয়লি গুৱাহাটী পাবহি সোনম
গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা একো খোৱা নাই স্বামীহন্তা সোনমে
মেঘালয় আৰক্ষীয়ে জিম্মাত লৈ সোমনক আনিছে শ্বিলঙলৈ
ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবেই
চাইন অন ডেস্ক:
আৰক্ষীৰ জালত পৰাৰ পিছৰে পৰা একো খোৱা নাই স্বামীহন্তা সোনমে। ইতিমধ্যে মেঘালয় আৰক্ষীয়ে জিম্মাত লৈ সোমনক আনি আছে শ্বিলঙলৈ। ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে লৈ অহা সোনমক লৈ বিয়লি ৩.৫৫বজাত শ্বিলং পাবহি আৰক্ষীৰ দলটো।
শ্বিলঙলৈ আহি থকা বাটত আৰক্ষীয়ে দিয়া একো বস্তুৱে খোৱা নাই সোনমে। সোনমৰ পৰকীয়া প্ৰেমিক ৰাজে সকলো কথা আৰক্ষীৰ আগত কৈছে যদিও সোনমে এতিয়াও সকলো কথা মুকলিকৈ কোৱা নাই আৰক্ষীক। তাৰ পৰিৱৰ্তে শ্বিলঙৰ পৰা তেওক অপহৰণ কৰি গাজীপুৰত এৰি দিয়া বুলিহে কৈ আছে আৰক্ষীক।
সোনমক লৈ বিয়লি ভাগত কলকাতাৰ পৰা গুৱাহাটী বিমান বন্দৰত উপস্থিত হব মেঘালয় আৰক্ষীৰ দলটো। তাৰ পৰাই পোনে পোনে শ্বিলঙৰ উক্ত স্থানলৈ লৈ যোৱা হব বুলি জনাইছে যদিও নিশা হোৱাৰ পৰিপ্ৰেক্ষিতত ১১জুন, ২০২৫ৰ পৰাহে তদন্ত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।