নগাঁও জিলাত “তথ্য আৰু সজাগতা ভ্ৰাম্যমাণ বাহন”ৰ শুভাৰম্ভ
নগাঁৱৰ পৰা ঋতু পর্ণ শৰ্মা:
সামাজিক অভিশাপস্বৰূপ বাল্য বিবাহ নিৰ্মূলৰ বাবে সমগ্ৰ দেশজুৰি চলোৱা “বাল্য বিবাহ মুক্ত ভাৰত”ৰ ১০০ দিনীয়া বিশেষ অভিযানৰ অংশ হিচাপে আজি নগাঁও জিলাত এখন “তথ্য আৰু সজাগতা ভ্ৰাম্যমাণ
বাহন”ৰ শুভাৰম্ভ কৰা হয়। জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ আৰু স্বেচ্ছাসেৱী প্ৰতিষ্ঠান “কচি লোক মঞ্চ”ৰ যুটীয়া উদ্যোগত তথা নগাঁও জিলা প্ৰশাসনৰ সক্ৰিয় সহযোগত গ্ৰহণ কৰা এই কাৰ্যসূচীয়ে জিলাখনৰ সামাজিক সচেতনতাৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিছে। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই “তথ্য আৰু সজাগতা ভ্ৰাম্যমাণ বাহন”ৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। “তথ্য আৰু সজাগতা ভ্ৰাম্যমাণ বাহন” ৰ পতাকা জোকাৰি যাত্ৰাৰ আৰম্ভণি কৰি জিলা আয়ুক্তই সমাজৰ প্ৰতিটো স্তৰৰ লোকক একগোট হৈ এই কু-প্ৰথাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে,বাল্য বিবাহে কেৱল এটি শিশুৰ শৈশৱ কাঢ়ি নিয়াই নহয়,বৰঞ্চ ই মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ লগতে এখন সমাজৰ সামগ্ৰিক উন্নতিতো হেঙাৰ স্বৰূপ হৈ থিয় দিয়ে। এখন সুস্থ আৰু সবল ভাৰত গঢ়িবলৈ হ’লে প্ৰতিগৰাকী কন্যা শিশুক শিক্ষা আৰু সুৰক্ষাৰে আগুৱাই নিয়াটো অপৰিহাৰ্য বুলি তেওঁ মন্তব্য কৰে। উক্ত অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত (মহিলা আৰু শিশু বিভাগ) দেৱহুতি বৰা, জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগু,জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ আৰু “কচি লোক মঞ্চ”ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।