জুবিনৰ কষ্টোপার্জিত ধনৰ অংশ কাঢ়ি সিদ্ধাৰ্থই গঢ়িছিল সম্পত্তিৰ পাহাৰ
মহাবীৰ একুৱাত সিদ্ধার্থই বিনিয়োগ কৰিছিল ১.১০ কোটি টকা
প্রেমিকা প্রতীক্ষা দাসক দিছিল ৫ লাখ
*গুৱাহাটী:*
জনপ্রিয় শিল্পীক অন্ধকাৰত ৰাখি তেওঁৰেই কষ্টোপার্জিত ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল মেনেজাৰ সিদ্ধার্থ শর্মাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰ ছেছন আদালতত চলি থকাৰ সময়তে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ তদন্ত অব্যাহত ৰখাৰ সময়ত অর্থাৎ বিগত অক্টোবৰ মাহত ছীল কৰিছিল ছয়গাঁৱত থকা মহাবীৰ একুৱা নামৰ পানীৰ বটল প্রস্তুত কৰা কোম্পানীটো। সিদ্ধার্থ শর্মা আৰু তেওঁৰ বন্ধু চেতন ধীৰাছৰিয়া মালিকানাধীন কোম্পানীটেলত সিদ্ধার্থ শর্মাই বিনিয়োগ কৰিছিল এক কোটি ১০ লাখ টকা। এছআইটিয়ে তদন্তৰ সময়ছোৱাত উক্ত ধনব উৎস বিচাৰি তদন্ত অব্যাহত ৰখাৰ সময়ত কোম্পানীটো ছীল কৰি থৈছিল। পৰৱৰ্তী সময়ত সিদ্ধার্থ শর্মাক এছআইটিয়ে চলোৱা জেৰাত জুবিন গাৰ্গৰ মাননিৰ পৰা পোৱা ধনৰ চানকাঢ়ি ৰাখি কোম্পানীটোত বিনিয়োগ কৰাৰ কথা স্বীকাৰ কৰিছিল মেনেজাৰ সিদ্ধার্থই। পৰবর্তী সময়ত এছআইটিয়ে অভিযোগনামাত এই কথা উল্লেখ কৰিছিল। মাহৰ পিছত মাহ ধৰি বন্ধ হৈ থকা কোম্পানীটো পুনৰ মুকলি কৰাৰ বাবেই সিদ্ধার্থৰ ব্যবসায়িক সহযোগী চেতন ধীৰাছৰিয়াই আদালতত আবেদন জনাইছিল। আদালতত দ্বিতীয়টো ব্যৱদাসৰ দিনা এছআইটিয়ে মহাবীৰ একুৱা বাজেয়াপ্ত কৰিবলৈ আদালতত আবেদন জনাইছিল। উক্ত আবেদনৰ পাছতে কোম্পানীটোৰ দুই মালিক সিদ্ধার্থ শর্মা আৰু চেতন ধীৰাছৰিয়াক আদালতে কাৰণ দর্শোৱাৰ জাননী প্ৰেৰণ কৰি কোম্পানীটো কি কাৰণত বাজেয়াপ্ত কৰিব নালাগে, তাৰ শপতনামা অহা ১৭ জানুৱাৰীৰ ভিতৰত দাখিল কৰিবলৈ নির্দেশ দিয়া বুলি জানিব পৰা গৈছে। কোম্পানীটোৰ প্ৰসংগ পোহৰলৈ অহাৰ পিছতে সমান্তৰালভাৱে খোল খাইছে সিদ্ধার্থ শৰ্মাৰ লুণ্ঠনৰ কাহিনীবোৰ। মাহেকত মাথোঁ ৫৭ হাজাৰ টকা দৰমহা পোৱা সিদ্ধার্থ শর্মাই কম সময়ৰ ভিতৰতে কোম্পানীটো আৰম্ভ কৰিছিল। এছআইটিয়ে অভিযোগনামা দাখিল কৰা তথ্যৰ ভিত্তিত বিভিন্ন মাধ্যমত প্রকাশিত খবৰ অনুসৰি কোম্পানীটোত বিনিয়োগ কৰা ধনৰ এশ শতাংশই আছিল জুবিন গাৰ্গৰ। দিনে-নিশাই স্বাস্থ্যৰ ক্ষতি কৰি হ’লেও অনুৰাগীৰ আশা পূৰণৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠান পৰিবেশন কৰিছিল জুবিন গার্গে। উক্ত অনুষ্ঠানসমূহত জুবিন গার্গে সংগীত পৰিৱেশন কৰিলেও অনুষ্ঠানসমূহৰ চুক্তি কৰিছিল মেনেজাৰ সিদ্ধার্থ শৰ্মাই। জুবিন গাৰ্গৰ অজ্ঞাতে নির্ধাৰিত পৰিমাণতকৈ অধিক ধন অনুষ্ঠানৰ বাবে সংগ্ৰহ কৰিছিল সিদ্ধার্থ শর্মাই। অনুষ্ঠানৰ পাছত সংগীত পৰিৱেশক্ষৰ বাবদ নির্ধাৰণ কৰা ধন বেংক একাউণ্টত নলৈ নগদ হিচাপে আদায় লোৱাত সদায়ে গুরুত্ব দিছিল সিদ্ধার্থই। কোনোবা সমিতিয়ে একাউণ্টত ধন আদায় দিব বিচাৰিলেও অধিকাংশ ধন নগদ হিচাপে লৈ ন্যূনতম অংশহে একাউণ্টত আদায় দিয়াৰ নিৰ্দেশ দিছিল সিদ্ধার্থ শর্মাই। এছআইটিয়ে তদন্তৰ সময়ত ৰাজ্যৰ কেইবাখনো বৃহৎ বিহু সমিতিৰ বিষয়ববীয়াৰ সাক্ষ্যগ্রহণ কৰাৰ সময়ত প্ৰতিগৰাকী কর্মকর্তাই মাননিৰ ধন সিদ্ধার্থ শর্মাই নগদ হিচাপে আদায় দিয়াৰ বাৰে সদায়ে জোব দিছিল বুলি
এছআইটিক জনাইছিল। আশ্চর্যজনকভারে কোনটো অনুষ্ঠানত কিমান ধন সমিতিসমূহে শিল্পীগৰাকীক অনুষ্ঠান পৰিৱেশনৰ বাবদ আদায় দিছিল সেই সম্পর্কত অজ্ঞ আছিল জুবিন গার্গ। জীবিত সময়ছোৱাত কোনোদিনে কাৰো পৰা পইচাৰ হিচাপ নিবিচৰা জুবিন গার্গে সিদ্ধার্থ শৰ্মাৰ ক্ষেত্ৰতো একেধৰণৰ আচৰণ কৰিছিল। শিল্পীগৰাকীৰ এই সবলতাৰ পূৰামাত্রাই সুযোগ লৈ সিদ্ধার্থ শর্মাই প্রতিটো মাননিৰ পৰা গড়ে ২-৩ লাখকৈ টকা নিজৰ জেপত ভৰাইছিল। এনেদৰে অতি কম সময়ৰ ভিতৰতে জুবিন গাৰ্গক লুণ্ঠন কৰি বৃহৎ সম্পত্তিৰ গৰাকী হৈ পৰিছিল মেনেজাৰ সিদ্ধার্থ শর্মা। ভবিষ্যতে যাতে শিল্পীগৰাকীয়ে এই প্রবঞ্চনাৰ আঁত ধৰিব নোৱাৰে, তাৰ বাবে চতুৰ সিদ্ধার্থই নগদ হিচাপত বহু পৰিমাণৰ ধন নিজৰ বিশ্বস্ত বন্ধুত আদায় দি পৰৱৰ্তী সময়ত তেওঁলোকৰ দ্বাৰা নিজৰ বেংক একাউণ্টত উক্ত ধনসমূহ সংগ্ৰহ কৰিছিল। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, দগাবাজ সিদ্ধার্থ শর্মাই নিজৰ কৰ্মচাৰী ধর্মেন্দ্র বৈশ্যক ১,৮৯,০০০ টকা, ঋষভ ফুলফাগাবক ৪০ লাখ, বন্ধু ছাজন কুমাৰ জালনিক লাখ, ইউৰেনাছ মাইন্ডছ এন্ড মিনাৰেলচৰ স্বত্বাধিকাৰী অমিত মণ্ডলক ১৫ লাখ টকা আদায় দিছিল। অনিত মণ্ডলেও সমুদায় ধন একেবাৰে সিদ্ধার্থ শর্মাৰ একাউণ্টত জমা নিদি তিনিটা ভাগ কৰি তিনিজনক দিছিল। উক্ত ধনৰাশিৰ ৫,০১,২০০ টকা সিদ্ধার্থ শর্মাৰ ভাতৃ দীপক শর্মাক দিয়াৰ লগতে ৫,১,৩০০ টকা প্ৰেয়সী প্রতীক্ষা দাস আক কর্মচাৰী মৃদুপৱন পাঠকক ৪,৯৭,০০০ টকা নগদ হিচাপে আদায় দিছিল। কিছুদিন পাছত এই সমুদায় ধন তেওঁলোকে সিদ্ধার্থ শৰ্মাৰ বেংক একাউন্টত জমা দিছিল। যদিহে কিবা কাৰণত জুবিন গার্গে সন্দেহবশতঃ সিদ্ধার্থ শর্মাক ইমান ধন ক’ৰ পৰা আছিল বুলি প্রশ্ন কৰে, তেন্তে ধাৰে দিয়া ধন আদায় দিয়া বুলি ক’বলৈ এনেধৰণে প্রস্তুতি চলাইছিল সিদ্ধার্থ শর্মাই। এক অর্থত ৰঘুমলাৰ দৰে প্রিয় শিল্পীগৰাকীক মূখত হাঁহি লৈ কেৱল লুণ্ঠনৰ উদ্দেশ্যে বেৰি ৰাখিছিল সিদ্ধার্থ শমাই। দূর্ভাগ্যবশতঃ অসমবাসীক আশাহত কৰা এই ঘটনা সংঘটিত নহ’লে পৰবর্তী সময়ত জুবিন গাৰ্গক লৈ আৰু কি বৃহৎ ষড়যন্ত্র মেনেজাৰ সিদ্ধার্থ শর্মাই ৰচিছিল, হয়তো সেয়া কল্পনাৰো অগোচৰ।