...

ডিব্ৰুগড়ৰ দুৱৰাচুকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Spread the love

 

 

ডিব্ৰুগড়ৰ দুৱৰাচুকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

চাইন অন ডেস্ক:


ডিব্ৰুগড়ৰ দুৱৰাচুকত অঞ্চলটোৰ ভকত-বৈষ্ণৱ, আই মাতৃসকল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল একত্ৰিত হৈ অসমৰ সু-সন্তান তথা অসমৰ এক অনুষ্ঠান সদ্য প্ৰয়াত কণ্ঠ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 
জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি সেই অঞ্চলৰ জ্যেষ্ঠ নাগৰিক তথা ৰূপনগৰ নামঘৰৰ মেধী পূৰ্ণানন্দ নেওগে মূল বন্তিগছি প্ৰজ্বলন কৰাৰ অন্তত ১মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। এই অনুষ্ঠানত উপস্থিত ভকত-বৈষ্ণৱ,
আইমাতৃ, আদৰ্শ কৃষক সঞ্জীৱ শৰ্মা, সুকণ্ঠী গায়িকা গিৰিমণি চেতিয়া গগৈ,কণ্ঠশিল্পী ৰতন গগৈ, স্থানীয় প্ৰগতি সংঘৰ সভাপতি-সম্পাদক ক্ৰমে টুলু ফুকন আৰু দিব্য জ্যোতি মহন,উদ্যোক্তা মৃত্যুঞ্জয় দুৱৰাসহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে 
৫১ গছ বন্তি প্ৰজ্বলন কৰি শিল্পীজনালৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানটিত বহুকেইজন ব্যক্তিয়ে শিল্পীজনাক লৈ লিখা কবিতা পাঠ কৰে। কবিতা পাঠৰ অন্তত সুকণ্ঠী গায়িকা গিৰিমণি চেতিয়া গগৈয়ে শিল্পীজনাৰ গীত পৰিবেশন কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে।
 উপস্থিত শোৰ্কাত জনতাই জুবিন গাৰ্গ অমৰ হওক ধ্বনিৰে চৌদিশ মুখৰিত কৰে। অনুষ্ঠানটিৰ আঁত ধৰে কৃপাল ফুকনে। 

Leave a Reply

Your email address will not be published. Required fields are marked *