কনচাৰ্ট পৰ্যটনক উদগনি দিবলৈ এইবাৰ শ্বাকিৰা!
ডিব্ৰুগড়ত শ্বাকিৰাৰ কনচাৰ্টৰ পৰিকল্পনা অসম চৰকাৰৰ
শ্বাকিৰাক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা সক্ৰিয়ভাৱে পৰীক্ষা কৰি আছোঁ:ঋতুপৰ্ণ বৰুৱা
চাইন অন ডেস্ক:
অতি শীঘ্ৰেই ডিব্ৰুগড়লৈ আহিব আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা শ্বাকিৰা।অসমৰ কনচাৰ্ট পৰ্যটনক জনপ্ৰিয় কৰাৰ অভিলাষী লক্ষ্যৰে ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা শ্বাকিৰাৰ এক অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছে।অসম পৰ্যটন উন্নয়ন নিগমৰ
চৰকাৰৰ কনচাৰ্ট পৰ্যটনৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি বৰুৱাই কয় যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটীত আমেৰিকান ৰেপাৰ পোষ্ট মেলোনৰ সফল কনচাৰ্টৰ পিছত, পৰ্যটন বিভাগে এতিয়া গ্ৰেমী বঁটা বিজয়ী কলম্বিয়ান শিল্পীগৰাকীক ৰাজ্যৰ দ্বিতীয় ৰাজধানীস্বৰূপ 
বৰুৱাই কয়, “আমি ডিব্ৰুগড়ত আমাৰ পৰৱৰ্তী অনুষ্ঠানটোৰ বাবে শ্বাকিৰাক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা সক্ৰিয়ভাৱে পৰীক্ষা কৰি আছোঁ। ই কেৱল ডিব্ৰুগড়ক আন্তঃৰাষ্ট্ৰীয় বিনোদনৰ মানচিত্ৰত স্থান দিয়াই নহয়, লগতে থলুৱা আতিথ্য আৰু পৰিবহণ খণ্ডকো এক বৃহৎ গতি প্ৰদান কৰিব। ডিব্ৰুগড়ৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ (Multi-Disciplinary Sports Complex) ষ্টেডিয়ামখন ৩৫,০০০ দৰ্শক বহিব পৰাকৈ উন্নীত কৰা হৈছে আৰু তাতে এই অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা চলিছে।”
অধ্যক্ষগৰাকীয়ে আৰু জনোৱা মতে, পৰ্যটন উদ্যোগৰ এই উদীয়মান দিশটোক জনপ্ৰিয় কৰিবলৈ অসম চৰকাৰে ২০২৫ চনত বিশেষভাৱে ‘কনচাৰ্ট পৰ্যটন নীতি’ গ্ৰহণ কৰিছিল। এই নীতিৰ মূল লক্ষ্য হ’ল অসমক আন্তঃৰাষ্ট্ৰীয় সংগীত অনুষ্ঠান আৰু সাংস্কৃতিক প্ৰদৰ্শনৰ বাবে এক পচন্দৰ স্থান হিচাপে গঢ়ি তোলা, যাৰ জৰিয়তে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় ধৰণৰ পৰ্যটকক আকৰ্ষিত কৰিব পৰা যায়।বৰুৱাই লগতে পুনৰ কয়, “আমি দেখিছোঁ যে মেঘালয়ৰ দৰে চুবুৰীয়া ৰাজ্যসমূহে আন্তঃৰাষ্ট্ৰীয় শিল্পী আৰু বেণ্ডসমূহক নিমন্ত্ৰণ কৰি কেনেকৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীতপ্ৰেমীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। অসম এতিয়া সেই সফলতাৰ পুনৰাবৃত্তি কৰিবলৈ আৰু ইয়াক অধিক ব্যাপক ৰূপ দিবলৈ সাজু হৈছে।”
২০২৫ চনৰ ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা পোষ্ট মেলোনৰ কনচাৰ্টে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ সংগীত অনুৰাগীক আকৰ্ষিত কৰিছিল। এই অনুষ্ঠানে অঞ্চলটোত আন্তঃৰাষ্ট্ৰীয় সংগীত অনুষ্ঠানৰ প্ৰতি থকা আগ্ৰহ আৰু কনচাৰ্ট পৰ্যটনৰ অৰ্থনৈতিক সম্ভাৱনীয়তাক প্ৰমাণ কৰিছিল।আনহাতে উদ্যোগ পৰ্যবেক্ষকসকলৰ মতে, কনচাৰ্ট পৰ্যটনে কেৱল টিকট বিক্ৰীৰ জৰিয়তে পোনপটীয়া ৰাজহ সংগ্ৰহ কৰাই নহয়, লগতে আতিথ্য, পৰিবহণ আৰু অন্যান্য আনুষংগিক সেৱাৰ জৰিয়তে এক বৃহৎ অৰ্থনৈতিক প্ৰভাৱ পেলায়। ইয়াৰ উপৰি ই পৰ্যটনস্থলীৰ ব্ৰেণ্ড ভেলু আৰু যুৱ প্ৰজন্মৰ মাজত আকৰ্ষণ বৃদ্ধি কৰে।

