ঝাৰখণ্ডত উগ্ৰপন্থীৰ দ্বাৰা আই-ই-ডি বিস্ফোৰণত নিহত বীৰ জোৱান মহেন্দ্ৰ লস্কৰৰ শেষকৃত্য সম্পন্ন
নগাঁও:-
ঝাৰখণ্ডত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত এক আই-ই-ডি বিস্ফোৰণত শ্বহীদ হোৱা নগাঁও জিলাৰ বীৰ জোৱান মহেন্দ্ৰ লস্কৰৰ শেষকৃত্য আজি সম্পন্ন কৰা হয় । কামপুৰৰ কুঁৱৰীআটিত জোৱান জনৰ নিজা বাসগৃহত শোকাকুল পৰিবেশৰ মাজৰে শেষকৃত্য সম্পূৰ্ণ কৰা হয় সম্পূৰ্ণ সামৰিক মৰ্যদাৰে ।
আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি,শুকুৰবাৰে নিশা চাইবাসাৰ মনোহৰপুৰ ব্লকৰ সাৰন্দা বনাঞ্চলত নক্সালবাদীয়ে সংঘটিত কৰা আই ই ডি বিস্ফোৰণত চি আৰ পি এফৰ ৬০ নং বেটেলিয়নৰ এজন পৰিদৰ্শকৰ লগতে তিনিজন জোৱান আহত হয় । তাৰ পাচতে ততাতৈয়াকৈ তেওঁলোকক চিকিৎসা প্ৰদান কৰা হয় যদিও অতি দুভাগ্যজনক যে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় হেড কনিষ্টবল মহেন্দ্ৰৰ । দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ কোনো কালে নভবা খবৰটো অহাৰ পিছত কান্দোনত ভাঙি পৰেমাতৃ,পত্নী,সন্তানৰ লগতে সমগ্ৰ পৰিয়ালবৰ্গ। ইপিনে অশ্ৰুশিক্ত নয়নেৰে শেষ বিদায় নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসম সন্তান শ্বহীদ মহেন্দ্ৰ লস্কৰক শনিবাৰে ৰাঁচীৰ চি আৰ পি এফ শিবিৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগৱাৰ,কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় শ্বেঠ,ঝাৰখণ্ডৰ মুখ্য সচিব, চি আৰ পি এফৰ আই জি,ডি জি পিকে ধৰি কেইবাগৰাকীও বিষয়াই শ্বহীদ মহেন্দ্ৰ লস্কৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অশ্ৰুশিক্ত নয়নেৰে । সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে। ৰাজ্যপালগৰাকীয়ে কয় যে আমাৰ নিৰাপত্তা বাহিনীৰ অতুলনীয় অৱদান জাতিটোৱে কেতিয়াও পাহৰিব নোৱাৰে । শ্বহীদ মহেন্দ্ৰ লস্কৰ আছিল অসমৰ সন্তান আই ই ডি বিস্ফোৰণত শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰ আছিল অসমৰ এগাৰকী সুযোগ্য সন্তান । মন কৰিবলগীয়া যে চলিত বৰ্ষৰ জুলাই মাহত ঝাৰখণ্ডৰ গোমিয়াত নক্সালবাদীৰ সৈতে হোৱা মুখামুখি
সংঘৰ্ষত শ্বহীদ হয় জোৱান প্ৰাণেশ্বৰ কোচ। প্ৰয়াত কোচো আছিল অসমৰ সন্তান। তেওঁ কৰ্মৰত আছিল ২০৯ নং কোব্ৰা বেটেলিয়নত। শ্বহীদ বীৰ মহেন্দ্ৰ লস্কৰৰ বিয়োগৰ খবৰটোৱে আপোন গাঁওখনৰ উপৰি সমগ্ৰ কামপুৰতে শোকৰ ছাঁ পৰিছে।
ঋতু পৰ্ণ শৰ্মা,নগাঁও