কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী পথাৰত অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱসৰ আয়োজন
#শ্বহীদ দিৱসৰ লাইখুঁটা স্থাপন
নগাঁও :-
অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱসটি সদৌ অসম ছাত্র সন্থাই প্ৰতিবছৰে শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে। এইবছৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ আতিথ্যত সদৌ নগাঁও জিলা ছাত্র সন্থা আৰু কলিয়াবৰীয়া ৰাইজৰ সহযোগত কলিয়াবৰত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰবিবাৰে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ লাইখুঁটা মাংগলিক কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী পথাৰত স্থাপন কৰা হয় ।অনুষ্ঠানৰ আৰম্ভণিতে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ইপিনে সংবাদ মাধ্যমৰ আগত উদযাপন সমিতিৰ মুখ্য সম্পাদক মৃগাংক শেখৰ ভৰালী হাজৰিকাই কয় যে কলিয়াবৰত কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপনৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত লোৱাত সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যখনৰ প্ৰতি জিলাৰ ছাত্র প্ৰতিনিধি,ৰাইজৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বুলি উল্লেখ কৰি হাজৰিকাই কয় যে দিৱসৰ লগত সংগতি ৰাখি এখন স্মৰণিকাও প্ৰকাশ কৰা হʼব।শ্বহীদ দিৱসৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলোকে তেওঁ আহ্বান জনাইছে।