...

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতিক বহিস্কাৰ

Spread the love

 

 

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতিক বহিস্কাৰ

 

 

ডিব্ৰুগড়ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক
সংবাদ মেল অনুষ্ঠিত কৰি ৰুবুল দাসৰ বিৰুদ্ধে ক্ষুভিত,জাতিৰ কলংক আখ্যা

 

 

চাইন অন ডেস্ক:

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল। কেন্দ্ৰীয় সভাপতিক বহিস্কাৰ।
একনায়কত্বাবাদ, স্বেচ্ছাস্বাৰিতা, অনুশাসন ভংগ আৰু বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত ডিব্ৰুগড়ত ডিব্ৰুগড়ত সংবাদ মেল।
অনুসূচিত জাতিৰ অন্যতম সংগঠন অনুসূচিত জাতি যুব ছাত্র পরিষদ অসমে ডিব্ৰুগড় বি আৰ আম্বেদকাৰ ভৱনত এক বিশেষ জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি ৰুবুল দাসৰ কু-কৃতি সমুহ উল্লেখ কৰে। পৰিষদৰ সংবিধানৰ ধাৰা নং ১০ অনুসৰি ৰুবুল দাসক অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সভাপতি পদৰ লগতে প্ৰাৰ্থমিক সদস্যৰ পৰাও বহিস্কাৰ কৰা বুলি উপ-সভাপতি হেমকান্ত দাসক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰদান কৰে।পৰিষদৰ কেন্দ্রীয় উপসভাপতিদ্বয় হেমকান্ত দাস আক মুক্তি নাথ দাসে কয় যে, এই বর্ষৰ জানুৱাৰী মাহৰ ৮, ৯, ১০ তাৰিখে যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত মালৌখাত সতীৰিধিকা আই ক্ষেত্রত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্রীয় দ্বি-বার্ষিক অধিবেশনৰ সকলো কাৰ্যসূচী সফলভারে সমাপ্তি হৈছিল যদিও অধিবেশনৰ প্রতিনিধি সভাখত পৰিষদৰ সংবিধান অনুসৰি বিষয়ববীয়া বাচনি হোৱা নাছিল। অতি চতুৰভাৱে সভাপতি ৰুবুল দাসে বিষয়বাচনী সভাখন পৰিচালনা কৰিছিল। অসমৰ প্ৰত্যেক জিলাৰ প্ৰতিনিধিসকলে ৰুবুল দাসক ২০২৫-২৭ বর্ষৰ বাবে সভাপতি হোবাত সহমত নিদিয়া স্বত্বেও নগাঁও জিলাৰ ৰহাৰ গুইমাৰীৰ বাসিন্দা ৰুবুল দাসে অতি কৌশলপূর্ণভাবে কেইটামানৰ চালাচামুণ্ডাৰ সমর্থন লৈ কেন্দ্রীয় সভাপতিৰ আসনখন দখল কৰিছিল আনহাতে প্রতিনিধি সভাৰ সৰ্বসম্মত সিদ্ধান্তমর্মে সাধাৰণ সম্পাদক হিচাপে নির্বাচন হৈছিল যোৰহাট জিলাৰ সাধাৰণ সম্পাদক তথা সংগঠনটোৰ সক্রিয় সদস্য অমৃত প্রাণ দাস। কেন্দ্রীয় সভাপতিৰ দায়িত্ব লৈয়ে ৰুবুল দাসে পুনৰ পৰিষদৰ সদস্যসকলক একনায়কত্বাবাদ, স্বেচ্ছাচাৰী, বিভিন্ন ভাবুকি দি সংগঠন পৰিচালনা কৰাতেই ক্ষান্ত নাথাকি কেন্দ্রীয় সাধাৰণ সম্পাদক জনৰ সংবিধানে দিয়া সকলো অধিকাৰ খৰ্ব কৰিবলৈ চেষ্টা কৰিছিল। পৰিষদৰ সংবিধানৰ ধাৰা নং ৯ দফা (গ) অনুসৰি সংগঠনটোৰ যাৱতীয় নথি-পত্র, চিল, পেড, কাৰ্যবিৱৰণী বহী, বিত্তীয় হিচাপ-নিকাচ ইত্যাদি সাধাৰণ সম্পাদকৰ ওচৰত মজুত থকাৰ পৰিবৰ্তে ৰুবুল দাসৰ গুৱাহাটী চানমাৰিস্থিত জ্যোতি নগৰৰ ফ্লেটত দুটা টাংকত আৱদ্ধ কৰি ৰাখিছিল। বাৰম্বাৰ কাৰ্যনিৰ্বাহক পাতি প্রস্তাব লোৱাৰ পিছতো কেন্দ্রীয় কার্যালয় গুৱাহাটী আম্বেদকাৰ ভৱনৰ পৰিবৰ্তে তেওঁৰ গৃহৰ ড্ৰয়িং ৰুমৰ পৰা সংগঠন পৰিচালনা কৰাৰ লগতে কেন্দ্রীয় কার্যনির্বাহক সমিতিৰ আচর্যজনকভাবে বিত্তীয় সম্পাদক নিয়োগ নকৰি তেওঁৰ নিজ পত্নীৰ গুগ’ল প্রে’ জৰিয়তে বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ অজ্ঞাতে নিজৰ ব্যক্তিগত খণ্ডৰ কোম্পানীৰ দৰে সংগঠনটো পৰিচালনা কৰাত নেতান্বয়ে ক্ষোভ প্রকাশ কৰে। ৰুবুল দাসক এই বিষয়বোৰৰ ওপৰত আপত্তি দশাই সংবিধান আৰু নীতিগতভাবে সংগঠন পৰিচালনা কৰিবলৈ জ্ঞাত কৰিলে তেতিয়া ৰুবুল দাসে কয় “অনুসূচিত যুৱ ছাত্ৰ পৰিষদ মোৰ আদৰ্শৰে পৰিচালিত হোৱা সংগঠন” এই বুলি দন্তালি মাৰি বাৰ্তা দিয়ে আৰু আপত্তি দর্শোৱা বিষয়ববীয়াজনৰ ওপৰত বিভিন্ন অভিযোগ আনি অব্যাহতি দিয়ে। শেহতীয়াকৈ কেন্দ্রীয় সাধাৰণ সম্পাদক অমৃত প্রাণ দাসে ৰুবুল দাসক পৰিষদক সামাজিক মাধ্যমৰ গ্ৰুপৰ পৰা ভুলবশত এডমিন কর্তন কৰাত কোনো কেন্দ্রীয় বিষয়ববীয়াৰ লগত আলোচনা নকৰাকৈ সংগঠনটোত সভাপতি-সাধাৰণ সম্পাদকৰ সমঅধিকাৰ থকা স্বত্বেও নিজ ময়মতালীয়ে এসপ্তাহৰ বাবে সংগঠনৰ সাধাৰণ সম্পাদক অমৃত প্রাণ দাসক সাময়িক অব্যাহতি দিয়া কাৰ্য্যক গৰিহণা দিয়ে আক এনে কার্য অ-সাংবিধানিক বুলি উল্লেখ কৰে। অন্যহাতে অনুসুচি জাতি যুব ছাত্র পৰিষদ, অসমে ৰুবুল দাসৰ নেতৃত্বত মার্চ মাহত অসম চৰকাৰে ঘোষণা কৰা বাজেটৰ ওপৰত আন্দোলন কৰাই পৰিষদৰ সদস্যসকলক অসম চৰকাৰৰ বিৰুদ্ধে বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপিত কৰে। তদুপৰি কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতিৰ অন্তৰ্ভূক্ত কৰণৰ বিৰোধিতাৰে কৰা আন্দোলন এক ভেকুভাওণা বুলি অভিযোগ কৰে। তদুপৰি উচ্চতম ন্যায়ালয়ত কৰা পি আই এল নম্বৰটো যাৰবাবে ৰাজহুৱা কৰিবলৈ সক্ষম নহ’ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।ৰুবুল দাসৰ কেইবাটাও বিস্ফোৰক অভিযোগ, বিত্তীয় কেলেংকাৰী,একনায়কত্ববাদ, পৰিষদৰ সদস্যক ভাবুকি, অশালীন ব্যৱহাৰ, অনুসুচিত জাতি ৰাইজক বিপথে পৰিচালিত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃবৃন্দই সভাপতি বিৰুদ্ধে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়। সংবাদ মেলত কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাস, সাংগঠনিক সম্পাদক অভিজিত দাস, সাংস্কৃতিক সম্পাদক সুমিত প্ৰীতম দাস উপস্থিত থাকি ৰুবুল দাস আদি উপস্থিত থাকি ৰুবুল দাসক জাতিৰ কলংক বুলি আখ্যা দি লগতে ডিব্ৰুগড়, তিনিচুকীয়া শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, ধেমাজি, লক্ষীমপুৰ, তেজপুৰ, নলবাৰী, জিলা সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত আদৰণি জনোৱা বুলি কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *