...

কংগ্ৰেছৰ শাসনকালত মাহীআইৰ দৃষ্টিৰে চালে অসমকঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Spread the love

কংগ্ৰেছৰ শাসনকালত মাহীআইৰ দৃষ্টিৰে চালে অসমকঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

চাইন অন ডেস্কঃ
কংগ্ৰেছৰ শাসনকালত মাহীআইৰ দৃষ্টিৰে অসমক চালে৷ কংগ্ৰেছক এনেদৰে সমালোচনাত মুখৰ হৈ পৰিল ভাৰত চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷কালি ডিব্ৰুগড়ৰ খনিকৰত অনুষ্ঠিত হোৱা এক জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, আজিৰ দিনটোত সকলোৱে গৌৰৱাম্বিত হোৱা উচিত৷ ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰাৰ পাছত ইয়াৰ আৱশ্যকীয় আন্তঃগাথনি আধুনিক ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা তৎপৰতাৰ বাবে এই অনুষ্ঠানটো সম্ভৱ হৈ উঠিল৷ কংগ্ৰেছে অসম আৰু উত্তৰ পূৱক অন্যায় কৰিলে৷ অসমৰ সম্পদ আৰু সম্ভাৱনাক গুৰুত্বহীন কৰি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰেৰে শাসন চলালে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত বড়ো, আলফা, কাৰ্বি, আদিবাসী আদি চুক্তিৰ জৰিয়তে অসমত শান্তি প্ৰতিষ্ঠা কৰিলে বুলি উল্লেখ কৰি সোণোৱালে আৰু কয়, এই চুক্তিৰ জৰিয়তে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত উন্নয়নৰ গতি শক্তিশালী হৈছে৷ অসম চৰকাৰেও এইক্ষেত্ৰত নিৰন্তৰ গতিৰে আন্তৰিকতাৰে কাম কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কোৱা ‘এ’ ফৰ আসামক অনাগত দিনলৈকে অটুত ৰাখিব লাগিব বুলি আহ্বান জনাই সোণোৱালে কয় যে, বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো ৰাইজে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব৷ এই মানসিকতাৰে আমাৰ যাত্ৰা আগবঢ়াই নিব লাগিব৷

কংগ্ৰেছক সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ৫৫ বছৰীয়া কংগ্ৰেছৰ শাসনকালত মাহীআইৰ দৃষ্টিৰে চোৱাৰ বাবে শক্তিশালী সম্পদ আৰু সম্ভাৱনাৰে পৰিপুষ্ট অসম তথা উত্তৰ-পূৱৰ ৰাজ্যসমূহ ভাৰতবৰ্ষৰ বুকুত পিছপৰি থাকিবলগা হ’ল৷ দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু অন্যায়-অবিচাৰৰ জৰিয়তে অসম আৰু উত্তৰ-পূৱক কংগ্ৰেছে ভাবিব নোৱাৰাকৈ প্ৰতাৰণা কৰিলে৷ আগন্তক দিনত কোনো কাৰণতে কংগ্ৰেছে অসমৰ বুকুত যাতে স্থান নাপায়, তাৰ বাবে ৰাইজে জাগ্ৰত প্ৰহৰী হৈ থাকিব লাগিব৷ বিজেপি থকালৈকে ভাৰতবৰ্ষৰ বুকুত শক্তিশালী হৈ থাকিব অসম৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *