৫৫ বছৰে অসমীয়া মানুহক অত্যাচাৰ কৰিলে কংগ্ৰেছে
বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
চাইন অন ডেস্ক:
৫৫ বছৰে অসমীয়া মানুহক অত্যাচাৰ কৰিলে কংগ্ৰেছে। সেই কংগ্ৰেছে অসমীয়া মানুহৰ ওচৰত ভোট খোজাৰ নৈতিক অধিকাৰ নাই।বুধবাৰে ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি এনেদৰে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত কয় যে, নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ কৈছিল যে মই প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে ভাৰতবৰ্ষৰ জনতাৰ সেৱা কৰিম আৰু তেখেতে যোৱা ১১ বছৰে ভাৰতবৰ্ষৰ জনগনৰ আস্থা আৰু বিশ্বাস লৈ অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছিল যাৰ ফলত ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চল বিশেষভাৱে লাভান্বিত হ’বলৈ সক্ষম হৈছোঁ। ২০১৬ চনত প্ৰথমবাৰৰ বাবে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা যোৱা ১০ বছৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত অসমৰ সকলো ক্ষেত্ৰতে এটা দৃষ্টান্তমূলক পৰিবৰ্তন আনিবলৈ আমি সক্ষম হৈছোঁ। জাতি-জনগোষ্ঠীৰ জাতি,মাটি, ভেটি,ভাষা, সাহিত্য,কৃষ্টি,সংস্কৃতি অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ বাবে ডাৱল ইঞ্জিন চৰকাৰে উন্নয়নমূলক কাম কৰাৰ ফলত আজি অসম উন্নতিৰ শিখৰত উপনীত হ’বলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা ‘এ ফৰ আসাম’ এটা মাত্ৰ সাধাৰণ বাক্য নহয় তেওঁক অসমক গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হোৱাটো বিচাৰে আৰু তাৰ বাবে তেওঁ আমাক যি সহায় কৰিব
লাগে তাকেই কৰিবলৈ আগ্ৰহী। প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি, সম্পদ আৰু সম্ভাৱনাৰ বিষয়ে অৱগত আৰু সেয়েহে তেওঁ বিশ্বাস কৰে যে এই অঞ্চলক যদি দৃঢ়তাৰে আগুৱাই নিব পৰা যায় তেনেহ’লে ভাৰতবৰ্ষ শক্তিশালী হ’ব। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই বিশ্বতে এক সন্মানজনক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। লগতে কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি কয় , ‘আপোনালোকে যদি লক্ষ্য কৰে দেখা পাব যে কংগ্ৰেছৰ শাসনকালত আমাৰ অঞ্চল সমূহ কেনেকুৱা আছিল আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে আজি গোটেই অসমতে কিমান উন্নয়ন কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ দিনত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে ৱাৰ্ডে ৱাৰ্ডে কি অৱস্থাত আছিল আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰ চলি থকাত আজি এই অঞ্চল সমূহৰ কিমান পৰিবৰ্তন সম্ভৱ হৈছে আৰু আমাৰ প্ৰতিজন কাৰ্য কৰ্তাই এই কথাবিলাক প্ৰতিগৰাকী ভোটাৰক ঘৰে ঘৰে গৈ ক’ব লাগিব আৰু আমাৰ উন্নয়নৰ প্ৰতিচ্ছবিখন দাঙি ধৰিব লাগিব। যিখন অসম বা উত্তৰ পূৰ্বাঞ্চলক এটা সময়ত অশান্ত অঞ্চল হিচাপে গণ্য কৰা হৈছিল সেই অসম বা উত্তৰ পূৰ্বাঞ্চলত আজি শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে আৰু ইয়াৰ ফলত আজি প্ৰগতি সম্ভৱপৰ হৈছে। আমি অসমীয়া জাতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। কংগ্ৰেছে তেওঁলোকৰ শাসনকালত অসমীয়া জাতিক অত্যাচাৰ কৰিছিল, অসমীয়া মানুহৰ অস্তিত্বক বিপদাপন্ন কৰি তুলিছিল গতিকে সেই কংগ্ৰেছ আমাৰ ওচৰত ভোট বিচাৰি অহাৰ নৈতিক অধিকাৰ নাই। কংগ্ৰেছৰ কাৰ্য্যকালৰ দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিষয়ে আমি বিজেপি কাৰ্য্যকৰ্তা সকলে মানুহক মনত পেলাই দিব লাগিব। কংগ্ৰেছে অবৈধ বাংলাদেশীক আমাৰ ইয়াত ৰক্ষণাবেক্ষণ দিবৰ বাবে আই. এম.ডি.টি. আইন আনিছিল গতিকে সেই কংগ্ৰেছক কোনো কাৰণতে ক্ষমা কৰা নহ’ব। আপোনালোকে কষ্ট কৰাৰ বাবে মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছোঁ ঠিক তেনেদৰে আমাৰ বিধায়ক সকল নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে। আজি ভাৰতীয় জনতা পাৰ্টিক যদি তৃণমূল পৰ্যায়ৰ পৰা যদি শক্তিশালী হৈছে সেইসকল হৈছে বুথ কমিটি আৰু পৃষ্ঠা প্ৰমুখ সকলৰ অশেষ কষ্ট আৰু ত্যাগৰ বাবে। আগন্তুক বিধানসভা নিৰ্বাচনত আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিতে আগতকৈও অভিলেখ সংখ্যক ভোটদান কৰি নিৰ্বাচিত কৰি অসম বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াম। ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছক সমালোচনা কৰি কয় যে, কংগ্ৰেছে ৫৫ বছৰে অন্যায় কৰিলে। দুৰ্নীতি ভ্ৰষ্টাচাৰ অসমে পাহৰি নাযায়। ৮৫৫ জন খিলঞ্জীয়াক গুলীয়াই হত্যা কৰিলে। উজনি অসম সম্পদেৰে ভৰপূৰ। সেই সম্পদক লুন্ঠনৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছ চৰকাৰে। ২০১৬ৰ আগৰ অসম আৰু পাছৰ অসমখনৰ কথা তুলনা কৰক। আমাৰ বাবে দেশ প্ৰথম। মাতৃভূমিৰ স্বাৰ্থৰ বিপৰীতে কোনো কাম অতীততো কৰা নাই, ভৱিষতো নকৰোঁ। বিজেপিক আমি নিজৰ তেজেৰে গঢ় দিছোঁ। বিজেপি একমাত্ৰ শাসনৰ মাধ্যম নহয়। জনগণৰ সেৱাৰ মাধ্যম বিজেপি। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসম চতুৰ্দিশে আগবাঢ়িছে। উজনিৰ প্ৰতিটো সমষ্টিত এনডিএ প্ৰাৰ্থীক বিজয় কৰোৱাৰ সংকল্প ল’ব লাগিব। ইফালে ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদীয়ে দেশৰ ভিতৰতে প্ৰথমখন পৃষ্ঠাপ্ৰমুখ সন্মিলন ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি কয়, অসমৰ দহ বছৰীয়া কাৰ্যকালত অসমৰ ৰাইজৰ বাবে যুগুত আঁচনিয়ে উপকৃত কৰিছে। ২০১৬ৰ আগত কংগ্ৰেছ চৰকাৰে অসমৰ বিকাশৰ বাবে কোনো আঁচনি নল’লে। আগন্তুক দিনত ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হ’ব অসম। পুনৰ তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ’ব।