অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজহিতৈষী মানৱ দৰদী সমীৰণ কুমাৰ দাসৰ পৰলোকপ্ৰাপ্তিঃসবৰ্ত্ৰে শোকৰ ছাঁ
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ আলোকপথৰ নিৰ্বাসী, বৰ্তমানৰ জকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজহিতৈষী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সামাজিক সাংস্কৃতিক শৈক্ষিক বৌদ্ধিক কৰ্মৰ সৈতে জড়িত সমীৰণ কুমাৰ দাসৰ যোৱা কালি নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৮বছৰ।১৯৫৭চনত তিনিচুকীয়া জিলাৰ পানীতোলাত জন্ম গ্ৰহণ কৰা সমীৰণ কুমাৰ দাসে তাৰেই চুনীলাল প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পানীতোলা উচ্চ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল, পৰবৰ্তী সময়ত
ডিব্ৰুগড় বৰ্তমানৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। পিতৃ বৈৰাগীমঠলৈ পানীতোলাৰ পৰা অহাৰ পিছতেই ডিব্ৰুগড় নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল যদিও পিতৃৰ বাগিচাৰ চাকৰি শেষ হোৱাৰ ফলত আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল কিন্তু তাৰ মাজতে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে ১৯৭৮চনত এন চি চি মাউন্টেইনিং পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ হিমালয়ৰ উত্তৰ কাছাৰলৈ গৈছিল। উল্লেখযোগ্য যে ১৯৮৪চনত ডিব্ৰুগড় জিলাৰ জকাই উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিষয় শিক্ষক হিচাপে যোগদান কৰা সমীৰণ কুমাৰ দাসে ১৯৮৮চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে। শিক্ষকতাৰ উপৰিও বিভিন্ন কাকত,আলোচনীৰ মননশীল লেখা প্ৰকাশ কৰি সাহিত্যিক ৰূপে আত্মপ্ৰকাশ কৰিবলৈ প্ৰয়াস চলাই ৰাখিছিল। ডিব্ৰুগড় জিলাৰ নিজগৃহ বৈৰাগীমঠৰ পৰা জকাই উচ্চ মাধ্যমিক বিদ্যালয়লৈ ৩৩বছৰ কাল চাইকেল চলাই শিক্ষাদান কৰাৰ পিছত ২০১৭বৰ্ষত অৱসৰ গ্ৰহণ কৰে। শিক্ষকতা চাকৰি সুদীৰ্ঘ কাল ঘৰ গাড়ী লোৱাৰ পৰিবৰ্তে বিনামূলীয়াকৈ শিক্ষা দান, সাহিত্য সংস্কৃতিৰ সভা সমিতি,আনৰ উপকাৰ সাধন কৰাৰ উপৰিও প্ৰতিভাবান শিক্ষাৰ্থীক নিজৰ দৰমহাৰ পৰা পঢ়াৰ খৰচ প্ৰদান কৰিছিল।শিক্ষক হিচাপে অৱসৰ পিছতো ডিব্ৰুগড় জিলাৰ মানকটা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান লেকাই কনক চন্দ্ৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত সমীৰণ কুমাৰ দাসে শৈক্ষিক বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায় গৈছে।কনক চন্দ্ৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰূপে শিক্ষা দান কৰাৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত অসম আদিত্য বাতৰি কাকতৰ “মৌ বন” শিতানৰ নিয়মীয়া লেখক, দৈনিক জনমভূমিৰ,” দৈনিক জনসাধাৰণ” ,”অসম আদিত্য” বাতৰি কাকতৰ দেওবৰীয়া পৰিপূৰীকা পূৱাকাশত লেখা মেলা কৰাকে ধৰি ১০৩খন প্ৰয়াত বৰেণ্য ব্যক্তিৰ স্মৃতি গ্ৰন্থ সম্পাদনা, অভিনন্দন গ্ৰন্থ স্মৃতিগ্ৰন্থ, কাকত আলোচনীত প্ৰবন্ধ নিবন্ধ প্ৰকাশ কৰিছিল।অসম সাহিত্য সভাৰ আজীৱন সদস্য, অনুৰাগ কাব্য গোষ্ঠীৰ আজীৱন সদস্য, শিশু সাহিত্য সভাৰ আজীৱন সদস্যৰ উপৰিও সম্পাদক ডিব্ৰুগড় বৈৰাগী মঠ শাখা সাহিত্য সভাৰ সভাপতি,, জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী আৰু সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ “স্পন্দন” সম্পাদক, ডিব্ৰুগড় বলাই আলোক সন্ধানী অধ্যয়ন চক্ৰৰ উপদেষ্টা, বৈৰাগী মঠ নামঘৰৰ সংবিধান প্ৰণেতা সমিতিৰ সম্পাদক, আদি দিশত সমীৰণ কুমাৰ দাসে অতি সফলতাৰে দায়িত্ব পালন কৰিছিল।অসম চৰকাৰৰ জিলা কৃতী শিক্ষক বঁটাৰে বিভূষিত সমীৰণ কুমাৰ দাসে ভাৰতীয় গণনাট্য সংঘৰ সভাপতিৰ আসন অলংকৃত কৰা নগেন কাকতিৰ চমু জীৱন বৃন্তান্ত , শ্ৰদ্ধাঞ্জলি গ্ৰন্থ সম্পাদনাৰ সামাজিক দায়িত্ব পালন কৰিছিল। উল্লেখযোগ্য যে ১৯৮৮চনৰ ৮চেপ্তেম্বৰত ডিব্ৰুগড় জিলাৰ জকাই উচ্চ মাধ্যমিক বিদ্যালয়লৈ পঢ়িবলৈ আহোতে জকাই ঘঘৰাজানত নাও দুৰ্ঘটনাত সলিল সমাধি ঘটা ১১গৰাকী ফুল কুমলীয়া ছাত্ৰ ছাত্ৰীৰ ঘটনাৰ সময়ত সমীৰণ কুমাৰ দাসে নিজে ঘঘৰাজানত সাতুৰি কেবাগৰাকীও ছাত্ৰ ছাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিছিল, উক্ত ঘটনাৰ সজাগতাৰ উপৰিও সেই ছাত্ৰ ছাত্ৰী সকলৰ স্মৃতিত জকাই ঘঘৰাজানত এখন পকী দলং স্থাপন , স্মৃতিসৌধ স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও জকাই সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষা,ধনেশ পক্ষীৰ সুৰক্ষা, জকাই বনাঞ্চল খন সুৰক্ষিত কৰাৰ উদ্দেশ্যে জনমত গঠনৰ তোলাৰ সৰৱ ভূমিকা পালন কৰিছিল।প্ৰকৃতি সুৰক্ষাৰ বাবে তেখেতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে সমীৰণ কুমাৰ দাসক প্ৰকৃতিপ্ৰেমী বঁটাৰে সন্মানিত কৰাৰ লগতে শিক্ষক সমাজহিতৈষী ব্যক্তিত্বৰ বাবে তেখেতক ট্ৰাইবেল লীগ,বলাই আলোক সন্ধানী অধ্যয়ন চক্ৰ,অসম চাহ জনজাতি ছাত্ৰ সন্থা,অসম হাইস্কুল শিক্ষক সংস্থা, বৈৰাগীমঠ নৱৰূপা সংঘ, ৰাধাগোবিন্দ বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছিল। আনকি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীক নিজৰ দৰমহাৰ টকাৰে নামভৰ্তি, কিতাপ পত্ৰ কিনাৰ সুবিধা প্ৰদান
কৰাৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু নিয়তিৰ কালক্ৰমত ৬৭বছৰ বয়সত ডিঙিত হোৱা কৰ্কট ৰোগ ব্যাধি জটিল ৰূপলৈ যোৱাৰ পিছত ডিব্ৰুগড় কেন্সাৰ কেয়াৰ চিকিৎসা গ্ৰহণ কৰি আৰোগ্য হৈছিল যদিও চলিত বৰ্ষৰ প্ৰায় মে মাহৰ পৰা ৰোগৰ জটিলতাই সমীৰণ কুমাৰ দাসৰ অধিক অৱনতি ঘটায়। দীৰ্ঘ দিন ধৰি চিকিৎসা কৰি নিজৰ বাসগৃহত শয্যাগত অৱস্থাত থকা সমাজ হিতৈষী,মানৱ দৰদী অৱসৰপ্ৰাপ্ত শিক্ষক সমীৰণ কুমাৰ দাসৰ যোৱা কালি পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুত জকাই শাখা সাহিত্য সভা, জকাই প্ৰভাৱ গোষ্ঠী, বৈৰাগী মঠ শাখা সাহিত্য সভা, বৈৰাগী মঠ নৱৰূপা সংঘ,লেকাই কে চি জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতি , জকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, জকাই চামগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, জকাই খামটি ঘাট উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতি,বলাই আলোক সন্ধানী অধ্যয়ন চক্ৰ প্ৰমুখ্যে ব্যক্তি বিশেষ গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত নিজৰ পত্নী, একমাত্ৰ কন্যা আৰু আত্মীয় স্বজনৰ, গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে।