...

অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ ৰবীন নাথ বৰাৰ মৃত্যু

Spread the love

অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ ৰবীন নাথ বৰাৰ মৃত্যু

বিভিন্ন জনৰ শোক প্ৰকাশ

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক, মিলন নগৰ নিবাসী ডাঃ ৰবীন নাথ বৰাৰ আজি পুৱা-৫-৩০ বজাত ৮৫ বছৰ বয়সত বাৰ্ধক্য জনিত কাৰণত মৃত্যু হয় । ১৯৪১ চনৰ ১ চেপ্টেম্বৰত মৰিয়নি ন-কছাৰী নাগিনিজান বাগানত জন্ম গ্ৰহণ কৰা ডাঃ বৰাই পৰৱৰ্তী সময়ত অসম চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত সেই মহাবিদ্যালয়তে কৰ্ম জীৱনৰ পাতনি মেলি ১৯৯৯ চনত অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেতে অৱসৰ গ্ৰহণ কৰাৰ পাছতো হাইদৰাবাদ, নেপাল, কাঠমাণ্ডু আদিত চিকিৎসা সেৱা আবঢ়াইছিল।তেখেতে মৃত্যুৰ সময়ত পত্নী ধনদা বৰা, পুত্ৰ ডাঃ মানস প্ৰতীম বৰা আৰু একমাত্ৰ কন্যা ডাঃ ময়ুৰী বৰাৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়।
তেওঁৰ মৃত্যুত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকৎ পাত্ৰ, ডাঃ শান্তনু লহকৰ, ডাঃ বি এন মহন্ত, ড০ ভাৰতী দত্ত , পেঞ্চনাৰ সন্থাৰ মৃদুল শৰ্মা আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *