...

ডিব্ৰুগড়ত ব্যাপক প্ৰতিবাদ সাংবাদিকৰ:কলা বেজ পৰিধান

Spread the love

 

ডিব্ৰুগড়ত ব্যাপক প্ৰতিবাদ সাংবাদিকৰ:কলা বেজ পৰিধান

 

ক্ষমা নুখুজিলে জয়ন্তমল্ল বৰুৱাৰ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ আৰু প্ৰকাশ নকৰাৰ সকিয়নী

 

চাইন অন ডেস্ক:

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সাংবাদিকক উদ্দেশ্য কৰি কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত ডিব্ৰুগড়ত। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড়ৰ সাংবাদিক সকলে থানা চাৰিআলি প্ৰাংগনত ক’লাবেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সম্পাদক মনজিৎ বৰা উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্ন সুধাৰ অধিকাৰ আছে। সাংবাদিকে বাতৰি পৰিৱেশন কৰিবলৈ বিভিন্ন প্ৰশ্ন সুধিবই। কিন্তু প্ৰশ্ন সুধাতে মন্ত্ৰী গৰাকীয়ে সাংবাদিক সকল আৰু সমাজখনৰ মাজত শ্ৰেণী বিভাজন কৰিব আহিছে।অতি নিম্ন স্তৰৰ ভাষ্য প্ৰদান কৰিছে। য’ত গণতন্ত্ৰক মৰ্যদা প্ৰদান কৰা হৈছে তাত সাংবাদিক সকলক নিমন্ত্ৰণ কৰি এজন চৰকাৰৰ মন্ত্ৰীয়ে সাংবাদিক মেল দি সাংবাদিকক তুচ্ছ তাচুল্য কৰাৰ অধিকাৰ ক’ত পালে বুলি প্ৰশ্ন উত্থাপন কৰি সাংবাদিকৰ প্ৰশ্ন উত্তৰ দিবলৈ সাহস নহ’লে সাংবাদিকক নিমন্ত্ৰণ দিব নালাগিছিল বুলি মন্তব্য কৰে।

মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই অসম বাসীৰ ওচৰত ৰাজহুৱা ক্ষমা খুজিব লাগিব বুলি কৈ লগতে সাংবাদিকৰ স্বকীয়তা, নৈতিকতা, মূল্যবোধ ৰক্ষা কৰি এনে কাৰ্যৰ বিৰুদ্ধে সদায় মাত মাতি যাব বুলি সঁকীয়াই দিয়ে।প্ৰতিবাদত জেষ্ঠ সাংবাদিক প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীয়ে অসমৰ সাংবাদিকতাৰ ইতিহাসত এক নজিৰবিহীন ঘটনা বুলি কয়।এগৰাকী চৰকাৰৰ মন্ত্ৰীয়ে চৰকাৰী আঁচনি নীতি বহিভুত ভাবে পত্নীৰ নামত উদৰস্হ কৰা ধন সন্দৰ্ভত প্ৰত্যুত্তৰ দিবলৈ গৈ সাংবাদিকক তুচ্ছ তাচুল্য কৰাটো এক দুখ জনক বিষয়। ইয়াৰ পৰাই তেওঁ যে, দুৰ্নীতিত লিপ্ত তাক একপ্ৰকাৰে মানি লৈছে বুলি কয়।এই চৰকাৰৰ দিনত সু-শাসনৰ প্ৰতিশ্ৰুতি দি হিতাধিকাৰীৰ বাবে অহা তথা প্ৰবতীত আঁচনী চৰকাৰৰ একাংশ চুৰে উদৰস্হ কৰা বুলি কৈ সাংবাদিকক উদ্দেশ্য কৰি কৰা মন্তব্য উঠাই লবলৈ দাবী কৰে।

 

দেৱজিৎ চুতীয়াই সাংবাদিক সকল গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কৈ এই চতুৰ্থ স্তম্ভৰ মানুহক সন্মান কৰিব নজনা এনে ধৰণৰ মন্ত্ৰীক সাংবাদিক সকলে বৰ্জন কৰিব হ’ল বুলি কৈ শেহতীয়াকৈ এই চৰকাৰৰ দিনত সাংবাদিক সকলে মুকলি মনেৰে সংবাদ পৰিবেশন কৰিব নোৱাৰা হ’ল বুলি কয়। সাংবাদিকে প্ৰশ্ন কৰিলেই ভাবুকি অহা বুলি কৈ ই এখন সুস্থিৰ গণতান্ত্ৰিক চৰকাৰৰ লক্ষণ নহয় বুলি কয়। জেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ কাৰ্যসূচী বাতৰি কৰাৰ পৰা বিৰত থকাৰ পোষকতা কৰে।

প্ৰতিবাদী কাৰ্যসূচীত জেচিম আহমেদে অংশগ্ৰহণ কৰি সাংবাদিক সকলে বাতৰি কৰিবলৈ এতিয়া চৰকাৰী পক্ষৰ পৰাই প্ৰত্যাহ্বান আহি পৰা বুলি কয়। মুক্তামণি হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘৰলৈ আলহী মাতি আলহীক অপমান কৰা বুলি কৈ কোনো দিন সাংবাদিকৰ বাবে কোনো মাত নমতা জয়ন্ত মল্ল বৰুৱাই এজন সাংবাদিকক নহয়,অসমৰ সাংবাদিকতাৰ ইতিহাসক অপমান কৰা বুলি কয়।

টমাছ বুঢ়াগোহাঁইয়ে কয়, ক্ষমতা সদায় নাথাকে। ক্ষমতা থাকিলে অহংকাৰী হ’ব নালাগে। জয়ন্ত মল্ল বৰুৱাই অহংকাৰী হৈ নিজৰ দুৰ্নীতি ঢাকিবলৈ সাংবাদিকক লক্ষ কৰা বুলি কয়। সাংবাদিক জ্যোতিষ পাতিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিকে দায়বদ্ধতাৰে জনসাধাৰণৰ পক্ষত থাকি বাতৰি কৰি আহিছে,তেনে ক্ষেত্ৰত এজন মন্ত্ৰীয়ে সাংবাদিকক তল শ্ৰেণীৰ মানুহ বুলি কোৱা কাৰ্য কেতিয়াও মানি লব নোৱাৰি বুলি কয়। স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকক তুচ্ছ তাচুল্য কৰাৰ লগতে তেওঁৰ সোঁ য়ে বাওঁয়ে থকা পীয়ুজ হাজৰিকা আৰু জয়ন্ত বৰুৱাই সসযোগ কৰি অহা বুলি কয়।

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সম্পাদক ৰূপজ্যোতি বৰঠাকুৰে প্ৰতিবাদত অংশগ্ৰহণ কৰি জয়ন্ত মল্ল বৰুৱাৰ লগতে মুখ্যমন্ত্ৰীকো সমালোচনা কৰি সাংবাদিক সকলক সন্মান কৰিব নজনা এইখন চৰকাৰৰ স্বয়ং মন্ত্ৰীয়েই নিজেই নিজৰ দুগ থাকিবলৈ সময়ে সময়ে এনে কাৰ্য কৰা বুলি কয়।

ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ প্ৰণৱ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়েই এনে বিষয় সমূহৰ নেতৃত্ব দিয়ে। তেওঁৰ এগৰাকী সতীৰ্থ মন্ত্ৰীয়ে সংবাদ মেল সম্বোধন দিছে।তাত সকলো সাংবাদিক যায়। যদি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে, তেন্তে সংবাদ মেল দিব নালাগিছিল। কিন্তু সাংবাদিকক অপমান কৰাৰ অধিকাৰ নাই।যদি সাংবাদিক
সংবাদ মাধ্যমৰ বিষয়ে যদি নাজানে, সংবাদ মাধ্যমৰ ইতিহাস যদি নাজানে, অধ্যয়ন কৰি লবলৈ আহ্বান জনায়।

সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সম্পাদক পাপু শইকীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী অলগদ্ধ মন্ত্ৰীয়ে কত কেনেদৰে কথা কব লাগে তাক নাজানে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰেই ক্ষমা খুজিবলৈ দাবী কৰি গৰু চিণ্ডিকেট চলোৱা মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে অপসাৰণ কৰিব লাগে বুলি কয়।মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বিলোপন দুৱৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীক চুৰ আখ্যা দি নিজৰ অপযশ থাকিবলৈ এনে মন্তব্য কৰি আহিছে বুলি কয়। সাংবাদিকৰ ওপৰত ভুৱা বিষয় জাপি দি, সাংবাদিকক তুচ্ছ তাচুল্য কৰিয়েই চৰকাৰ চলাব বিচৰা বুলি কৈ জীৱ জন্তুক লৈ ৰাজনীতি,ধৰ্মক লৈ ৰাজনীতি, সাংবাদিকক লৈ ৰাজনীতি, মানুহৰ মানসিকতাক লৈ ৰাজনীতি কৰিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰেই ক্ষমা নুখোজিলে ৰাজ্য জুৰি আন্দোলন হ’ব বুলি কয়।

সাংবাদিক সকলে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানৰ লগতে সাংবাদিক ঐক্য জিন্দাবাদ, সাংবাদিকক তুচ্ছ তাচুল্য কৰা নচলিব, সাংবাদিক নিগ্ৰহ নচলিব, ইত্যাদি বিভিন্ন শ্লোগানেৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সমিপত পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদ স্থলীত ডিব্ৰুগড়ৰ অন্যান্য জেষ্ঠ কণিষ্ঠ সাংবাদিক সকলৰ লগতে অন্যান্য শুভাকাংক্ষী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *