...

Realme P3 Ultra 5G স্মাৰ্টফোনভাৰতত মুকলি

Spread the love

আজি ভাৰতত মুকলি হ’ল Realme P3 Ultra 5G

আৰম্ভণি মূল্য 26,999 টকা

হায়দৰাবাদঃ Realme P3 Ultra 5G স্মাৰ্টফোন ভাৰতত মুকলি হ’ল।যিটো ডিভাইচত আছে মিডিয়াটেক ডাইমেনচিটি 8350 আল্ট্ৰা 5জি চিপছেট, 1.5 কে কোৱাড-কাৰ্ভড এমোলেড ডিছপ্লে, 80 ৱাট ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 6000 এমএএইচ বেটাৰী আৰু ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP69 ৰেটিং । ডিভাইচটোৰ 7.38 মিমি আল্ট্ৰা-স্লিম বডি আৰু পিছফালে চ’নী IMX896 OIS কেমেৰাৰ সৈতে সজ্জিত

বেচ 8 জিবি ৰেম + 128 জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ বাবে Realme P3 Ultra ৰ মূল্য 26,999 টকাৰ পৰা আৰম্ভ হয় । ইয়াৰ দাম 8 জিবি ৰেম + 256 জিবি ষ্ট’ৰেজ মডেলৰ বাবে 27,999 টকা আৰু 12 জিবি ৰেম + 256 জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ বাবে 29,999 টকা । ফোনটো তিনিটা ৰঙত উপলব্ধ — গ্ল’য়িং লুনাৰ হোৱাইট, নেপচুন ব্লু আৰু অৰিয়ান ৰেড ।
Realme এ বেংক অফাৰৰ জৰিয়তে ডিভাইচটোত 3000 টকাৰ ফ্লেট ৰেহাইও আগবঢ়াইছে, যাৰ ফলত ফোনটোৰ আৰম্ভণি মূল্য হ’ব 23,999 টকা । ইয়াৰ উপৰিও Realme এ 1000 টকাৰ এক্সচেঞ্জ বোনাছ আগবঢ়াইছে, যিটো পুৰণি হেণ্ডছেটৰ এক্সচেঞ্জ মূল্যতকৈ অধিক হ’ব ।

আজিৰে পৰা আৰম্ভ হ’ব Realme P3 Ultra ৰ প্ৰি-বুকিং আৰু 24 মাৰ্চত শেষ হ’ব আৰু প্ৰি-বুকিং অৰ্ডাৰৰ ডেলিভাৰী 24 মাৰ্চৰ পৰাই আৰম্ভ হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *