...

প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পত্নী ৰাণু শৰ্মাৰ পৰলোক

Spread the love

প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পত্নী ৰাণু শৰ্মাৰ পৰলোক

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পত্নী তথা সৰবৰহী মহিলা ৰাণু শৰ্মাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি হয়‌‌।

গুৱাহাটীৰ বেলতলাৰ নিজা বাসগৃহত পৰলোক হোৱা শৰ্মা কিছুদিন ধৰি শয্যাগত হৈ আছিল ।

মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল ৮৫ বছৰ।

কংগ্ৰেছ মন্ত্ৰীসভাত শিক্ষা,ৰাজহ আদিৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা প্ৰয়াত মুকুট শৰ্মাৰ পত্নীৰ মৃত্যুত নগাঁও জিলাত শোকৰ ছাঁ পৰিছে ।

সৰবৰহী মহিলা গৰাকীৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত শৰ্মাই কংগ্ৰেছ নেতা শান্তনু শৰ্মাকে ধৰি দুই পুত্ৰ,দুগৰাকী বোৱাৰী আৰু তিনিগৰাকী নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ যায় ।

আজি দুপৰীয়া নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়‌।

Leave a Reply

Your email address will not be published. Required fields are marked *