ইন্দোৰৰ সহকৰ নগৰত বাস কৰা পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীয়ে যোৱা ১১ মে’ত সংগম নগৰ অঞ্চলৰ বাসিন্দা সোণম ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷
নতুন জীৱনৰ পাতনি মেলাৰ পূৰ্বে দুয়োগৰাকীয়ে মধুচন্দ্ৰিকা উদযাপনৰ উদ্দেশ্যে উপস্থিত হৈছিল মেঘে আৱৰা ৰাজ্যৰ মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত ৷ প্ৰথমাৱস্থাত সকলো ঠিকেই আছিল যদিও বিগত ২৩ মে’ত তেওঁলোকৰ ফোনটোৰ সংযোগ বিচ্ছিন্ন হৈ যায় বন্ধ হৈ যায় ৷
পৰিয়ালৰ লোকে বহুবাৰ চেষ্টা কৰিও দম্পতীটোৰ সৈতে সংযোগ স্থাপনত ব্যৰ্থ হয় ৷ ইয়াৰ পিছত ২৫ মে’ৰ আশে-পাশে তেওঁলোকৰ সন্ধানত পৰিয়ালৰ লোক উপস্থিত হয় শ্বিলঙত৷