ৰাষ্ট্ৰপতিৰ শৌচ-প্ৰস্ৰাৱ সকলো মস্কোলৈ লৈ গ’ল ছুটকেছত ?
পাঁচ তৰপীয়া নিৰাপত্তাৰ মাজত থাকিল পুটিন
লগত আহিছিল পুটিনৰ দুজনকৈ সুবহু(বডী ডাবল) লোক
নতুন দিল্লী :
ৰাষ্ট্ৰপতিৰ শৌচ-প্ৰস্ৰাৱ সকলো মস্কোলৈ লৈ গ’ল ছুটকেছত।ভাবিলেই আচৰিত লাগিলেও এয়াই বাস্তৱ সত্য।হয়,ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ শৌচ-প্ৰস্ৰাৱ সকলো মস্কোলৈ লৈ গ’ল এটা ছুটকেছত।যাতে ৰাষ্ট্ৰপতিগৰাকীৰ কোনো তথ্য শত্ৰু পক্ষৰ হাতত নপৰে।আনাহাতে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ দুদিনীয়া ভাৰত ভ্ৰমণক কেন্দ্ৰ কৰি অভূত
পূর্ব নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলগা হয় দেশৰ ৰাজধানী মহানগৰ দিল্লীত। পাঁচ তৰপীয়া এই নিৰাপত্তা বেষ্টনীত ৰাষ্ট্ৰপতিগৰাকীৰ একেবাৰে ভিতৰৰ প্ৰথম শাৰীত নিয়োজিত আছিল ৰাছিয়াৰ ফেডাৰেল প্রটেক্টিভ ছাৰ্ভিচ (এফ এছ অ’)ৰ ৫০ জন বিশেষ দেহৰক্ষী। বিশেষ প্রশিক্ষণপ্রাপ্ত পুটিনৰ এই ব্যক্তিগত দেহৰক্ষীৰ কঁকালত জি
এছ এইচ-১৮ পিষ্টলেৰে সুসজ্জিত। সকলোধৰণৰ প্ৰতিকূলতাৰ সৈতে যুঁজিবলৈ ছাইবেৰিয়াৰ হাড় কঁপোৱা ঠাণ্ডাতো বিশেষ প্রশিক্ষণপ্রাপ্ত এইসকল এফ এছ অ’ জোৱানৰ পিচৰ পৰ্যায়ত কোৱা বাহিনী নিয়োগৰ সমান্তৰালকৈ তাৰ পৰৱৰ্তী পর্যায়ত এন এছ জি-এছ পি জি নিয়োগ কৰা হয়। নিৰাপত্তা বেষ্টনীত ৰাষ্ট্ৰপতি ছিকিউৰিটী ছাৰ্ভিচৰ বিশেষ প্রশিক্ষণপ্রাপ্ত নিৰাপত্তাৰক্ষীও নিয়োগ কৰাৰ সমান্তৰালকৈ একেবাৰে বাহিৰ পৰ্যায়ত দিল্লী আৰক্ষী কমাণ্ডোৰ লগতে স্নাইপাৰ মকৰল কৰা হয়। নিৰাপত্তাৰ নামত সামান্যতমো সুৰুঙা নৰখাকৈ ৰাষ্ট্ৰপতিগৰাকীক নতুন দিল্লীত সুৰক্ষা
প্রদান কৰা হয়। আনকি মস্কোৰ পৰা নতুন দিল্লীলৈ উৰা মৰাৰ সময়ত ৬.৫ টনৰ বিশেষ বাহন ‘অ’ৰাছসেনা’ও অনা হয়। ৬০০ হৰ্ছপাৱাৰযুক্ত এই চাৰিচকীয়া বাহনখন একপ্ৰকাৰ অভেদ্য দুৰ্গস্বৰূপ। গাড়ীখনৰ ভিতৰভাগত মিছাইল প্ৰতিৰোধী ব্যৱস্থাৰ লগতে বাহিৰত, বেলিষ্টিক আমাৰেৰে সুসজ্জিত। ‘বোমা আৰু গ্রেনেড আক্রমণেও কোনো ক্ষতি কৰিব নোৱাৰে এই বিশেষ গাড়ীখন। অগ্নিকাণ্ডয়ো ক্ষতি কৰিব নোৱাৰে গাড়ীখনক। পুটিনে এই ভ্রমণসূচীত তেওঁৰ সৈতে অবিকল দুজন লোকো লগত অনা পৰিলক্ষিত হয়। শত্রুৱে কোনজন প্রকৃত ভ্লাডিমিৰ পুটিন, সেইটো যাতে সহজতে চিনাক্ত কৰিব নোৱাৰে, সেই উদ্দেশ্যেই এই ‘বডি ডাবল’ৰ ব্যৱস্থা কৰা হয় এই ভ্রমণসূচীত। ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ বাবে মার্চিডিজ বেঞ্জ জি-ক্লাছৰ গাড়ীৰ ব্যৱস্থা কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰস্ৰাৱ-পাইখানাৰ পৰা আৰম্ভ কৰি সকলো বর্জ্য পদার্থও মস্কোলৈ ঘূৰাই নিয়া হয় ‘পুপ’ ছুটকেছৰ মাধ্যমত। পুটিনৰ বর্জ্য পদাৰ্থৰ পৰা ডি এন এযুক্ত কোনো তথ্য যাতে শত্রুপক্ষই লাভ কৰিব নোৱাৰে, সেইটো নিশ্চিত কৰাৰ লক্ষ্যৰে এইধৰণৰ অভূতপূর্ব ব্যৱস্থা কৰা হয়। সেইদৰে খোৱা-লোৱাৰ বেলিকাও লগত অনা হয় ফুচ্ছ কনভয়। খোৱা-লোৱাৰ সকলো বস্তু ম’বাইল ফুড লেবত পৰীক্ষা-নিৰীক্ষাৰ অন্ততহে ৰাষ্ট্ৰপতিগৰাকীলৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে নৈশ যাপন কৰা হোটেলৰ ছাদত পহৰাৰ বাবে নিয়োগ কৰা, হয় বিশেষ স্নাইপাৰ। সমগ্ৰ এলেকাটোৰ পথত ড্রোনৰ জৰিয়তে তালাচীৰ ব্যৱস্থা কৰাৰ লগতে কৃত্রিম বুদ্ধিমত্তাৰো সহায় লোৱা পৰিলক্ষিত হয়। দিল্লী আৰক্ষীৰ তিনি হেজাৰৰো অধিক জোৱানক নিয়োগ কৰা হয় অভেদ্য নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লক্ষ্যৰে। উল্লেখ্য, চাৰি বছৰৰ অন্তত ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে বিলাসবহুল ‘ফ্লায়িং ক্রেমলিন’ নামেৰে পৰিচিত বিশেষ বিমানেৰে কালি বিয়লি নতুন দিল্লীত অৱতৰণ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণক কেন্দ্ৰ কৰি সমগ্ৰ দিল্লীত পানী নসৰকা সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হয়। ৰাষ্ট্ৰপতিগৰাকীৰ সুৰক্ষাৰ স্বাৰ্থত উচ্চ প্ৰযুক্তিৰ জামাৰৰ লগতে ড্রোন আৰু ফেচিয়েল ৰিকগনিচন কমাণ্ডো নিয়োগ কৰা হয়। যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সাজু কৰি ৰখা হয় সমগ্ৰ নিৰাপত্তা বেষ্টনী।