ধুবুৰীৰ শক্তি সংঘৰ পূজাথলীত জুবিন বন্দনা
ধুবুৰী:
অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকষ্মিক মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’গতে ধুবুৰীতো ম্লান পৰা দেখা গৈছে দূৰ্গা পূজাৰ পূৰ্বৰ উৎসাহ-উদ্দীপনা। চহৰখনৰ বহু কেইটা পূজা মণ্ডপত কেবল শিল্পী গৰাকীৰ কালজয়ী গীতবোৰ বজাই থকাৰ সমান্তৰালকৈ দেখা গৈছে অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো। ঠিক অনুৰূপে চহৰখনৰ তেতুলতলাত শক্তি সংঘৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা পূজা মণ্ডপটোৰ সাজসজ্জাত শিল্পীগৰাকীৰ গীতৰ সৈতে বজোৱা বিভিন্ন বাদ্যযন্ত্রৰ সমাহাৰ ঘটা দেখা গৈছে। শিল্পী গৰাকীৰ আকষ্মিক মৃত্যুৰ পিছত পূৰ্বে
