...

ধুবুৰীৰ শক্তি সংঘৰ পূজাথলীত জুবিন বন্দনা

Spread the love

 

 

ধুবুৰীৰ শক্তি সংঘৰ পূজাথলীত জুবিন বন্দনা

 

 

ধুবুৰী:

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকষ্মিক মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’গতে ধুবুৰীতো ম্লান পৰা দেখা গৈছে দূৰ্গা পূজাৰ পূৰ্বৰ উৎসাহ-উদ্দীপনা। চহৰখনৰ বহু কেইটা পূজা মণ্ডপত কেবল শিল্পী গৰাকীৰ কালজয়ী গীতবোৰ বজাই থকাৰ সমান্তৰালকৈ দেখা গৈছে অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো। ঠিক অনুৰূপে চহৰখনৰ তেতুলতলাত শক্তি সংঘৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা পূজা মণ্ডপটোৰ সাজসজ্জাত শিল্পীগৰাকীৰ গীতৰ সৈতে বজোৱা বিভিন্ন বাদ্যযন্ত্রৰ সমাহাৰ ঘটা দেখা গৈছে। শিল্পী গৰাকীৰ আকষ্মিক মৃত্যুৰ পিছত পূৰ্বে পৰিকল্পনা কৰা মণ্ডপ সজ্জাৰ ঠাইত খৰধৰৰ মাজেৰে নতুন পৰিকল্পনাৰে মণ্ডপটো নিৰ্মাণ কৰা হোৱা বুলি সদৰি কৰিছে আয়োজক সকলে। উল্লেখ্য , পূজা মণ্ডপটোৰ প্ৰৱেশ দ্বাৰত শিল্পীগৰাকীৰ স্মৃতিত তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা এটা বিশেষ নিৰ্মাণ শৈলীত ব্যৱহাৰ কৰা হোৱা এখন বিশেষ oil painting বহুতোৰে দৃষ্টি আকর্ষণ কৰিছে বহুতোৰে। শিল্পীগৰাকীক শেষ শ্ৰদ্ধা যাচিবলৈ অঁকা সেই বিশেষ চিত্ৰখনৰ চিত্ৰশিল্পী হ’ল ধুবুৰীৰ প্ৰখ্যাত শিল্পী তৰুণ মিত্ৰই। এইবেলি ৬৩ বছৰত ভৰি দিয়া এই পূজাখনৰ এই বাৰৰ পূজা মণ্ডপৰ সাজ-সজ্জাৰ দায়িত্বত আছিল স্থানীয় মণ্ডপ শিল্পী।

Leave a Reply

Your email address will not be published. Required fields are marked *