...

মানসিক হাৰাশাস্তি!কিশোৰে ললে চৰম পন্থা

Spread the love

মানসিক হাৰাশাস্তি!কিশোৰে ললে চৰম পন্থা

চাইন অন ডেস্ক:

মানসিক হাৰাশাস্তিৰ বাবেই এগৰাকী কিশোৰে চৰম পন্থা লব লগীয়া হোৱা ঘটনাই বহু প্ৰতিক্ৰিয়াৰ স্বৃষ্টি কৰিছে।
ডিব্ৰুগড়ৰ কুমাৰণীচিগাৰ এজন দশম শ্ৰেণীৰ কিশোৰে আত্মহত্যা কৰাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।জানিব পৰা মতে কিশোৰ গৰাকীয়ে তেওঁৰ ইনষ্টাগ্রাম একাউণ্টত the man who could only have delayed our examএনেধৰনৰ কিবা এক পষ্ট দিয়াৰ পাছতেই একাংশ সতীৰ্থই তাক লৈ সৃষ্টি কৰিছিল ব্যাপক তৰ্ক বিতৰ্কৰ।আনকি স্ক্ৰীন শ্বট মাৰি কিশোৰ গৰাকীক যথেষ্ট মানসিক অত্যাচাৰ কৰাৰো অভিযোগ কৰে পৰিয়ালে।তাৰ পাছতে কালি পুৱা কিশোৰ জনক নিজ গৃহৰ চিলিং ফেনত চীপ লাগি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয়।কিশোৰ জনে এখন চুউচাইড নোট লেখি তাত এই আত্মহত্যাৰ বাবেই জড়িত একাংশ সতীৰ্থৰ নামো লেখি থৈ গৈছে। কিশোৰজন ডিব্ৰুগড় ডন বক্স স্কুলৰ দশম শ্ৰেণীৰ ছাত্র আছিল।আনহাতে তেওঁৰ মাতৃ ছল্ট ব্ৰুক একাডেমীৰ শিক্ষয়ত্ৰী।কিশোৰ গৰাকীৰ পিতৃ বজাৰৰ মেম্বুজ খাদ্য প্ৰতিষ্ঠান খনৰ স্বতাধিকাৰী। ইতিমধ্যেই পৰিয়ালে ঘটনাৰ সন্দৰ্ভত এজেহাৰ দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *