ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত প্ৰধানমন্ত্ৰী মোদী
আধা কেজি কেঁচা চাহপাত ছিঙিলে প্ৰধানমন্ত্ৰী মোদীয়ে
১৯ গৰাকী মহিলা শ্ৰমিকৰ সৈতে ১০-১৫ মিনিট বাৰ্তালাপ মোদীৰ
নিজেও চাহ বিক্ৰী কৰাৰ কথা সোঁৱৰিলে প্ৰধানমন্ত্ৰীয়ে
চাইন অন ডেস্ক :

কালি নিশা ডিব্ৰুগড়ত উপস্থিত হৈ মনোহাৰী চাহ বাগিচাত নিশা যাপন কৰা মোদীয়ে পুৱাই বিশাল চাহ বাগিচাখন কিছু সময় ভ্ৰমণ কৰি আপ্লুত হৈ আৰু শ্ৰমিকসকলৰ মাজত প্ৰায় ১০/১৫ মিনিট সময় কটায়। অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰম্পৰাগত ৰঙা পাৰি দিয়া বগা শাড়ী পৰিহিত মহিলা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে চাহ পাত ছিঙাও পৰিলক্ষিত হয়।প্ৰায় আধা কেজি কেঁচা চাহপাত ছিঙিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণত আপ্লুত হৈ এগৰাকী মহিলা চাহ শ্ৰমিকে তেওঁলোকৰ কামৰ পৰিৱেশৰ সবিশেষ জানিবলৈ দি কয়, “তেওঁ আমাক বহুত কথা সুধিলে— আমাৰ ল’ৰা-
এই আদান-প্ৰদানৰ সময়ত শ্ৰমিকসকলৰ মাজত এক উষ্ম পৰিৱেশৰ সৃষ্টি হয় আৰু বহুতৰে বাবে প্ৰধানমন্ত্ৰীৰ সৈতে চেলফী লোৱাটো এক চিৰস্মৰণীয় মুহূৰ্ত হৈ পৰে।পিছত মোদীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ৰ জৰিয়তে চাহ জনজাতীয় সমাজৰ প্ৰতি শ্ৰদ্ধা নিবেদি লিখে, “প্ৰতিটো চাহ বাগান পৰিয়ালৰ প্ৰচেষ্টাক লৈ আমি অতি গৌৰৱান্বিত। 
বাগিচা ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ধেমাজি জিলাৰ গোগামুখলৈ ৰাওনা হয় আৰু তাত অসমৰ প্ৰথমখন নিৰ্বাচনী সভাত ভাষণ দি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।
মনোহাৰী চাহ বাগিচাৰ এই ভ্ৰমণ আছিল অত্যন্ত ব্যক্তিগত আৰু প্ৰতীকী, যিয়ে অসমৰ নিৰ্বাচনী অংকত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ