...

প্ৰশান্ত চেতিয়া স্মাৰক বক্তৃতা আৰু উদ্দীপনা বঁটা প্ৰদান অনুষ্ঠান

Spread the love

 

 

প্ৰশান্ত চেতিয়া স্মাৰক বক্তৃতা আৰু উদ্দীপনা বঁটা প্ৰদান অনুষ্ঠান

 

 

চাইন অন ডেস্ক:

খোৱাং অঞ্চলৰ শিক্ষাব্ৰতী, ক্ৰীড়া সংগঠক প্ৰয়াত প্ৰশান্ত চেতিয়াৰ সোঁৱৰণত ৩১ আগষ্ট দেওবাৰে তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশান্ত চেতিয়া স্মাৰক বক্তৃতা আৰু উদ্দীপনা বঁটা প্ৰদান অনুষ্ঠান হৈ যায়।পুৱা ১০-০০ বজাত বৃক্ষৰোপনেৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয়। বৃক্ষৰোপন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি সদানন্দ সোনোৱালে।পতাকা উত্তোলন কৰে, প্ৰশান্ত চেতিয়া স্মৃতিৰক্ষা সমিতিৰ সভাপতি ফণী বৰগোহাঁয়ে।

ভাখনত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী গকুল চন্দ্ৰ খাউণ্ডে।
প্ৰশান্ত চেতিয়াৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে তিনঠেঙীয়াৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী ৰহেশ্বৰ সোনোৱালে। স্মৃতিৰক্ষা সমিতিৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰে পৰিয়ালবৰ্গৰহৈ ড৹ জিতুৰঞ্জন চেতিয়াই। প্ৰশান্ত চেতিয়াৰ স্মৃতিচাৰণ বক্তৃতা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক লীলা হাজৰিকাই।প্ৰথম বৰ্ষ প্ৰশান্ত চেতিয়া স্মাৰক বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই। “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ দৃষ্টিকোণেৰে সাম্প্ৰতিক শিক্ষা” শীৰ্ষক বক্তৃতাত ড° শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ৰ প্ৰয়োজনীয়তাৰ লগতে নতুন দিনৰ প্ৰয়োজন পূৰাব পৰাকৈ কেনেধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন আৰু তাৰ বাবে শিক্ষাৰ্থীসকলক সাজু হ’বৰ বাবে আহ্বান জনায়।

প্ৰশান্ত চেতিয়া স্মৃতিৰক্ষা সমিতিৰ সিদ্ধান্তমৰ্মে খোৱাং অঞ্চলৰ দুয়োখন মহাবিদ্যালয়ৰ ভিতৰত অসমীয়া বিভাগত শীৰ্ষ নম্বৰ লাভ কৰা বাবে খোৱাং মহাবিদ্যালয়ৰ ছাত্ৰী নিতাশ্ৰী বড়াক আৰু খোৱাং অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ খোৱাং আৰু শেনচোৱা পুখুৰী দুয়োটা কেন্দ্ৰৰ ভিতৰত অসমীয়া বিষয়ত শীৰ্ষ নম্বৰ লাভ কৰা প্ৰয়াসী কাশ্যপ আৰু মেঘনা চেতিয়াক যুটীয়াভাৱে ১ম বাৰ্ষিক প্ৰশান্ত চেতিয়া স্মাৰক উদ্দীপনা বঁটা প্ৰদান কৰা হয়। বঁটাসমূহ দান কৰিছে পৰিয়ালবৰ্গই। ইয়াৰ লগতে তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ একোটা গ্ৰন্থৰ টোপোলা প্ৰদান কৰে পৰিয়ালবৰ্গই।বঁটা প্ৰদান তথা অন্যান্য অনুষ্ঠানৰ আঁত ধৰে স্মৃতিৰক্ষা সমিতিৰ সম্পাদক ড৹ নিৰোদ গোঁহায়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *