...

বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনলৈ ‘২০২৬ বৰ্ষৰ বন্ধু চাকি’ৰ সাহিত্য-বঁটা প্ৰদান

Spread the love

 

বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনলৈ ‘২০২৬ বৰ্ষৰ বন্ধু চাকি’ৰ সাহিত্য-বঁটা প্ৰদান

 

চাইন অন ডেস্ক:

বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনক আজি আগবঢ়োৱা হয় ২০২৬ বৰ্ষৰ ‘বন্ধু-চাকি সাহিত্য-বঁটা’। দুলীয়াজান সাহিত্য সভাৰ ‘বৰদলৈ ভৱন’ত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কবিগৰাকীক এই সন্মান প্ৰদান কৰে ‘বন্ধু-চাকি’ সাহিত্য- সংগঠনটোৱে। এই বঁটাৰ লগত আছে – গামোচা, চেলেং, মান-পত্ৰ আৰু কিতাপৰ টোপোলা । স্বনামধন্য কবি-অনুবাদক হিতেন শৰ্মাই কবি ফুকনৰ হাতত এই বঁটাটি অৰ্পণ কৰে। বঁটাটি আগবঢ়াই দিয়া ভাষণত শৰ্মাই কয়, ‘ কালাতীতৰ সৈতে, কালৰ যি জৈৱিক সংযোগৰ মাহাত্ম্য — সিয়েই, এগৰাকী কবিক সৰ্বকালৰ বাবে প্ৰাসঙ্গিক কৰি ৰাখে। ‘ বঁটাটো গ্ৰহণ কৰি, বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনে কয়, ‘কবিৰ প্ৰধান দায়িত্ব হ’ল ‘-কবিতাৰ জৰিয়তে সত্য কথা কোৱা। কবিতাৰ দুৰ্বোধ্যতাৰ দিন উকলিল’।কবি মীৰা দত্তই আঁতধৰা অনুষ্ঠানটিত
শুভেচ্ছামূলক ভাষণ আগঢ়াই মননশীল লেখক ড০ সত্যকাম বৰঠাকুৰে কয়, ‘কবিতাই, ৰূপান্তৰিত জগতখনৰ প্ৰতিনিধিত্ব কৰে। ‘ কবি-নাট্যকাৰ নীলকান্ত শইকীয়াই সভাপতিত্ব কৰা, এই অনুষ্ঠানটিত, বয়স নিৰ্বিশেষে কবি-প্ৰতিভাৰ সন্ধানত ‘বন্ধু-চাকি’য়ে আয়োজন কৰা কবিতা-প্ৰতিযোগিতাৰ নিৰ্বাচিত তিনিগৰাকী কবি — বিশ্বজিৎ শইকীয়া, ধীমান বৰ্মন আৰু মনালিছা শৰ্মালৈ আগবঢ়োৱা হয় ‘বন্ধু-চাকি বঁটা, ২০২৬’ । বন্তি-প্ৰজ্বলনৰ পাছতে -বিশিষ্ট আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীৰ নেতৃত্বত বাৰ গৰাকীয়ে কৰা কবিতা-আবৃত্তিৰে অনুষ্ঠানটো আৰম্ভ হয় ৰিণা গগৈৰ সহযোগত। ইয়াৰ পাছতে, ‘বন্ধু-চাকি’ৰ সভাপতি উদয় কুমাৰ শৰ্মাই আদৰণী-ভাষণত কয় যে ‘ কবিতা হ’ল — শিল্পৰ সাধনাৰে কৰা, জীৱনৰ সাধনা। কবিতাৰ ভাষা : মানৱতাৰ মাতৃভাষা’।
কেইবাগৰাকীও স্বনামধন্য লেখক-কবিৰ উপস্থিতিত — বঁটাপ্ৰাপ্ত তিনিগৰাকী কবিৰ নিৰ্বাচিত তিনিটা কবিতাৰ পাঠেৰে বিয়লি অনুষ্ঠিত হোৱা ‘কবিতাৰ আড্ডা’ত ভালেমান কবিতানুৰাগী আৰু বিশিষ্ট লেখকে ভাগ লয় । ভানু মজুমদাৰে আগবঢ়াই নিয়া এই আড্ডাত — ‘আনে লিখা, নিজৰ প্ৰিয় কবিতা’এটিক লৈ আলচ কৰে চামচুল বাৰিক, ড০ চিত্ৰজিৎ শইকী

Leave a Reply

Your email address will not be published. Required fields are marked *