...

ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ প’লিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন

Spread the love

ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ প’লিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন

চাইন অন ডেস্ক:

ডিব্ৰুগড় নিৰ্বাচনী জিলাত সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ পৰিপ্ৰেক্ষিতত সাধাৰণ পৰ্যবেক্ষক টি.এন ভেংকটেশ আৰু চিফাং আৰ্থাৰ ৱৰ্চুইয়োৰ সভাপতিত্বত আৰু জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰীৰ উপস্থিতত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পলিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া অনুস্থিত কৰা হয়।

এই ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া ই-নিৰ্বাচন প্লেটফৰ্মৰ জৰিয়তে কৰা হয় যিটো হৈছে নিৰ্বাচনী আয়োগৰ ভোটগ্ৰহণকাৰী বিষয়া সকলৰ স্বয়ংক্ৰিয় নিযুক্তিৰ বাবে ব্যৱহাৰ কৰা কেন্দ্ৰীভূত অনলাইন প্লেটফৰ্ম। এই বৈঠকত প্ৰতিটো বিধানসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া আৰু নিৰ্বাচনী বিষয়া উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *