...

চেঙাৰ আলোপতি চৰত ৫ লক্ষাধিক টকা মূল্যৰ গাঞ্জা জব্দ আৰক্ষীৰ

Spread the love

চেঙাৰ আলোপতি চৰত ৫ লক্ষাধিক টকা মূল্যৰ গাঞ্জা জব্দ আৰক্ষীৰ

চাইন অন ডেস্ক:

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ  অন্তৰ্গত আলোপতি চৰত গাঞ্জাৰ বিৰুদ্ধে আলোপতিচৰ আৰক্ষীয়ে এক আকস্মিক অভিযান চলাই প্ৰায় ৫ লক্ষাধিক টকা মূল্যৰ শুকান গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় |প্ৰাপ্ত তথ্য মতে, ৰাইজৰ সহযোগত আলোপতি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে গাঁৱখনৰ মজনুৰ আলীৰ ঘৰৰ পৰা ৩.১২৯ কিলো গ্ৰাম শুকান গাঞ্জা জব্দ কৰে | বৃহৎ পৰিমাণৰ গাঞ্জা খিনি বিক্ৰী কৰাৰ উদ্দেশ্যে ঘৰত মজুত কৰি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। জব্দকৃত বৃহৎ পৰিমাণৰ গাঞ্জাসহ মজনুৰ আলীক গ্ৰেপ্তাৰ কৰি আলোপতি চৰ আৰক্ষীৰ থানালৈ লৈ যায়। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত মজনুৰ আলীক সোধা পোছা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *