...

শিলচৰত আৰক্ষীৰ অভিযান

Spread the love

শিলচৰত আৰক্ষীৰ অভিযান

ক্লিনিক খুলি চিকিৎসা কৰা ২ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

 

শিলচৰ:

শিলচৰত দুজন ভুবা দন্ত চিকিৎসকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। এক সংবাদ মেলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে যোৱা ২ ছেপ্টেম্বৰত ভাৰতীয় দন্ত চিকিৎসা সংস্থাৰ অসম ৰাজ্যিক শাখাৰ ডাঃ প্রদীপ কুমাৰ দাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিলচৰ
চহৰ অঞ্চলত অভিযান চলাই দুজন ভুৱা দন্ত চিকিৎসকক গ্ৰেপ্তাৰ কৰে।
তাবাপুৰ ইন্ডিয়া ক্লাবত অবস্থিত মছজিদ কমপ্লেক্সৰ হাজাৰী ডেন্টেল ক্লিনিক আৰু মজুমদাৰ ডেন্টাল ক্লিনিক নামৰ দুখন দন্ত চিকিৎসালয়ত আৰক্ষীয়ে অভিযান চলাই অবৈধভাবে দন্ত চিকিৎসক হিচাপে কৰ্মৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। তেওঁলোক হ’ল মধুৰ বন্দৰ কমৰুল ইছলাম হাজৰী (৫০) আৰু মালগ্রাম শিববাৰী ৰোডৰ বাসিন্দা টিংকু মজুমদাৰ (৫৩)। অভিযানৰ সময়ত আৰক্ষীয়ে কমৰুল ইছলাম হাজাৰীৰ পৰা ডাক্তৰৰ পেড জব্দ কৰে, য’ত তেওঁৰ নাম আৰু শিক্ষাগত অর্হতা দন্ত চিকিৎসক হিচাপে লিখা আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *