৫৩ নং লাহৰীঘাট সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পীযুষ হাজৰিকাই। তিনিচুকীয়া ৰাজীৱ গান্ধী স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত হেলিকপ্টাৰ যোগে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাই সহস্ৰাধিক ৰাইজক উদ্দেশ্যি ভাষণ প্ৰসংগত কয় যে উন্নয়নৰ স্বাৰ্থত এইবাৰ লাহৰীঘাটৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক দিব। ৪৭ বছৰে লাহৰীঘাটত এটা পৰিয়ালে ৰাজত্ব কৰি আহিছে যদিও সমষ্টিৰ কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই। লাহৰীঘাটৰ যি উন্নয়ন কৰিছে কেৱল মিত্ৰজোঁটৰ চৰৰাৰেহে কৰিছে। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লাহৰীঘাটৰ দীৰ্ঘদিনীয়া সমস্যা বান গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। এইবাৰ লাহৰীঘাটৰ ৰাইজক ৪৭ বছৰীয়া কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অন্ত পেলোৱাৰ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই। লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই।টিকটৰ পিছে পিছে দৌৰি লাহৰীঘাটৰ উন্নয়নৰ কথা পাহৰি হৈছিল বিধায়ক নাজাৰে। গতিকে সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী খলিলুৰ ৰহমানক লাহৰীঘাটবাসীক ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰী হাজৰিকাই।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.