...

বগীবিল দলংৰ ওচৰত বালিচৰ স্বৃষ্টিয়ে ডিব্ৰুগড়ৰ খহনীয়াৰ মূল কাৰণঃ মন্ত্ৰী পীযুষ হাজৰিকা

Spread the love

 

 

বগীবিল দলংৰ ওচৰত বালিচৰ স্বৃষ্টিয়ে ডিব্ৰুগড়ৰ খহনীয়াৰ মূল কাৰণঃ মন্ত্ৰী পীযুষ হাজৰিকা

 

 

মন্ত্ৰী হাজৰিকাৰ ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনৰ সতে পৰিদৰ্শন

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত সংঘটিত ব্যাপক খহনীয়াৰ মূল কাৰণ হিচাপে
বগীবিল দলংৰ ওচৰত বৃহৎ বালিচৰ স্বৃষ্টি হোৱা বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যৰ জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত মন্ত্ৰী গৰাকীয়ে এই পৰিদৰ্শন কৰে।পৰহিৰ দিনৰ ভাগত মাত্ৰ ৩০ মিনিটৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীয়ে ডিব্ৰুগড় টাউন প্ৰটেকশ্বন (ডিটিপি) ডাইকৰ সংলগ্ন বিশাল ভূমি খহাই লৈ যোৱাৰ পিছতে মন্ত্ৰী হাজৰিকাই ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনৰ সতে পৰিদৰ্শন কৰি ইয়াৰ প্ৰকৃত কাৰক বিছাৰি উলিয়াবলৈ সক্ষম হয়।মন্ত্ৰী হাজৰিকাই শক্তি মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু জল সম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে ক্ষতিগ্ৰস্ত স্থান আৰু বগীবিল দলং অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ প্ৰত্যক্ষ মূল্যায়ন কৰে।পৰিদৰ্শনৰ পিছত হাজৰিকাই কয় যে, বগীবিল দলংৰ ওচৰত গঠন হোৱা বালিচৰসমূহক ডিব্ৰুগড়ৰ খহনীয়াৰ অন্যতম প্ৰধান কাৰণ হিচাপে চিনাক্ত কৰা হৈছে। এই জটিল সমস্যা সমাধানৰ বাবে বালিচৰসমূহ খন্দাব লাগিব। শীঘ্ৰেই খনন কাৰ্য সম্পাদন কৰা হ’ব। মন্ত্ৰীয়ে খহনীয়া সংকটত অৰিহণা যোগোৱা কাৰিকৰী গতিশীলতা ব্যাখ্যা কৰি কয় যে ব্ৰহ্মপুত্ৰৰ মূল প্ৰবাহ ডিব্ৰুগড় চহৰৰ পৰা বগীবিল দলংৰ ওচৰৰ আই থানলৈকে দক্ষিণ পাৰৰ ফালে স্থানান্তৰিত হৈছে, যাৰ ফলত একাধিক স্থানত উত্তৰ পাৰত যথেষ্ট পৰিমাণে বালিচৰ গঠন হৈছে।হাজৰিকাই পুনৰাই কয়, “দক্ষিণ পাৰৰ ওচৰেৰে মূল প্ৰবাহ বৈ যোৱাৰ বাবে বহু স্থানত উত্তৰ পাৰৰ ফালে যথেষ্ট বালিচৰ জমা হৈছে। ফলস্বৰূপে, ডিব্ৰুগড় চহৰৰ উজনিৰ কেইবাটাও স্থানত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত তীব্ৰ খহনীয়া সমস্যাৰ সন্মুখীন হৈছে।”
মন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ক পৰৱৰ্তী খহনীয়াৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ এক বিস্তৃত সমাধান বিচাৰি উলিওৱাৰ বাবে চৰকাৰৰ দায়িত্ব সহকাৰে গুৰুত্ব আৰোপ কৰাৰ মত পোষণ কৰে।তেওঁ কয় যে, মন্ত্ৰী প্ৰশান্ত ফুকনৰ সৈতে জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ উপস্থিতিত বগীবিল দলং অঞ্চলৰ পৰা আৰম্ভ কৰি এই সমস্যাৰ মূল্যায়ন কৰিলোঁ। এই সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা বিভাগীয় বিশেষজ্ঞ আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বিতংভাৱে আলোচনা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *