...

চনী টিভিৰ ৰিয়েলিটি শ্ব’ত অংশ গ্ৰহণ

Spread the love

চনী টিভিৰ ৰিয়েলিটি শ্ব’ত অংশ গ্ৰহণ

আজি মুম্বাইলৈ উৰা মাৰিব পাটাছাৰকুছিৰ জিজ্ঞাসা কাশ্যপে

 

পাটাছাৰকুছি:

বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ বৰনলীকুছি গাৱৰ কাপলা চুবা নিবাসী নিৰঞ্জন দাস আৰু কল্যাণী দেৱীৰ প্ৰতিভা সম্পন্ন কন্যা জিজ্ঞাসা কাশ্যপে সংগীতৰ মাজেৰে দোপত দোপে উন্নতি কৰি ৰাজ্যিক পৰ্যায়ৰত উজ্বলি উঠাৰ পিচত শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুবিধা লাভ কৰি উজ্বলি উঠিছে। পাটাছাৰকুছি বিদ্যাপীঠৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জিজ্ঞাসা কাশ্যপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চনি টিভিৰ ইণ্ডিয়ান আইডল চিজন ১৬ ৰ ৰিয়েলিটি শ্বোত অংশগ্ৰহণৰ বাবে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ পৰহিলৈ ১৩ ছেপ্টেম্বৰত মুম্বাইত ৰিয়েলিটি শ্বোত অংশ লব জিজ্ঞাসাই। এই উদ্দেশ্যে কাইলৈ ১২ ছেপ্টেম্বৰত বিমানযোগে মুম্বাইলৈ ৰাওনা হব জিজ্ঞাসা। মুম্বাইলৈ যোৱাত জিজ্ঞাসাক সংগ দিব জিজ্ঞাসাৰ পিতৃ নিৰঞ্জন দাস, পিতৃৰ বন্ধু মুন্না আলী, সম্পৰ্কীয় জেঠাক হেমন্ত কুমাৰ শীল আৰু সম্পৰ্কীয় জ্যেষ্ঠ ভাতৃ আলৰবছন কাশ্যপে। সকলোৱে আশা কৰিছে যে জিজ্ঞাসাই উক্ত প্ৰতিযোগিতাত খিতাপ দখল কৰি নিজৰ জন্ম ঠাইলৈ গৌৰৱ লৈ আনক।
জিজ্ঞাসাক এই সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিয়ে শুভেচ্ছাৰে আৰু আৰ্থিক সহায়েৰে হাত উজান দি উৎসাহিত কৰা দেখা গৈছে। তাৰ ভিতৰত আছে পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাব. পাটাছাৰকুছি প্ৰেছ ক্লাৱ, পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়, পাঠশালা সাংস্কৃতিক সংঘৰ কলা কেন্দ্ৰ, পাটাছাৰকুছি জ্ঞানপীঠ সংগীত মহাবিদ্যালয়, পাটাছাৰকুছি আঞ্চলিক ছাত্ৰ সন্থা, পাটাছাৰকুছি বিদ্যাপীঠৰ ছাত্ৰ একতা সভা, শিক্ষক গোট, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন, কণিমাৰা সৰ্বোদয় সংঘ, নৱজ্যোতি ক্লাব, টিহু সহযোগ আৰু প্ৰেৰণা গোষ্ঠী, কুৱাৰা ৰাস কমিটি, বৈৰাগী প্ৰাইমাৰী স্কুলৰ শিক্ষক গোট, পাঠশালাৰ জোনাকী মেল, গুৱাহাটী সোণাপুৰৰ নৱাৰুণ ফাউণ্ডেশ্যন, পাঠশালাৰ শব্দ, স্থানীয় কেবাগৰাকী পঞ্চায়তৰ সদস্য, কাপলাচুপা ৰাইজ আদিৰ উপৰি স্থানীয় বিশিষ্ট সমাজকৰ্মী মুনীন্দ্ৰ নাৰায়ণ গোস্বামী আদিয়ে প্ৰধান।
উল্লেখ্য যে সংগীতৰ ক্ষেত্ৰতে জড়িত পিতৃ আৰু মাতৃ দুয়োৰ পৰাই পোৱা অনুপ্ৰেৰণাত জিজ্ঞাসাই মাত্ৰ ৩ বছৰ বয়সৰ পৰা বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আহিছে। অসমৰ বিভিন্ন সংগীতৰ প্ৰতিযোগিতা জিজ্ঞাসাই পুৰস্কাৰ লাভ কৰি ইতিমধ্যে গৌৰৱ কঢ়িয়াই আনিছে। জিজ্ঞাসাই স্বনামধন্য গীতিকাৰ বিলাকৰ যিকোনো গীত সুন্দৰকৈ পৰিবেশন কৰি সুনাম কঢ়িয়াই আনিছে। অসমৰ হেৰাই যাব ধৰা লোক সংগীত বিলাকো সুন্দৰ ভাৱে চৰ্চা কৰি আহিছে। শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ডিগ্ৰী লক্ষ্মনৌ ভাতখাণ্ডেৰ অধীনত Distinction সহ ১ ম বিভাগত লাভ কৰে জিজ্ঞাসাই। শিশু শিল্পী হিচাপে জিজ্ঞাসাই ২০২৩ বৰ্ষৰ নেপকাচৰ পৰা সংগীতৰ শ্ৰেষ্ঠ শিশু শিল্পী বটা লাভ কৰিছিল। অসম চৰকাৰে আয়োজন কৰা সংগীতৰ মহাসংগ্ৰামতো ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ৰবীন্দ্ৰ সংগীতত জিজ্ঞাসাই ৰাজ্যিক পৰ্যায়লৈ যাবলৈ সক্ষম হৈছিল। বৰ্তমান চচিয়েল মিডিয়া যোগে জনপ্ৰিয় হৈ পৰা জিজ্ঞাসাই জনপ্ৰিয় ৰিয়েলিটী শ্ব’ Dy 365 ৰ উৰুখা পজাৰ সুৰত 1st runners up আৰু Pratidin time ৰ Trends telent hunt ত ফাইনেলিষ্ট লগতে News Live ৰ প্ৰতিভাৰ সন্ধানত Top 20 ভাল প্ৰদৰ্শন কৰিছিল৷ প্ৰাগ টিভিৰ টিভি চেনেলৰ অসমৰ আগশাৰীৰ ৰিয়েলিটী শ্ব’ আমাৰ ভূপেন দা Session 8 ত জিজ্ঞাসাই 1st runners up খিতাপ লাভ কৰিছে ৷ প্রতিযোগিতাখনত প্ৰথম ৰানাৰ-আপ হৈ জিজ্ঞাসা কাশ্যপে পাটাছাৰকুছিৰ লগতে সমগ্ৰ বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। উল্লেখযোগ্য যে এইবাৰ অসমৰ বিভিন্ন প্ৰান্তৰ শশ প্রতিযোগীৰ মাজৰ পৰা মূল ৰাউণ্ডলৈ নিৰ্বাচিত ৫০ জন প্রতিযোগীক লৈ অনুষ্ঠিত হৈছিল ‘আমাৰ ভূপেন দা ছিজন-৮’ৰ বৰ্ণাঢ্য অনুষ্ঠান। সম্প্ৰচাৰিত হোৱা অসমৰ সৰ্ববৃহৎ ৰিয়েলিটি শ’টোৰ গ্রেণ্ড ফিনালেলৈ নির্বাচিত হৈছিল মুঠ ছগৰাকী প্রতিযোগী।

Leave a Reply

Your email address will not be published. Required fields are marked *