...

কেন্দ্ৰীয় চৰকাৰে পাৰাদীপ বন্দৰত ৭৯৭ কোটি টকাৰ সেউজ হাইড্ৰ’জেন জেটী নিৰ্মাণত অনুমোদন জনাইছে

Spread the love

কেন্দ্ৰীয় চৰকাৰে পাৰাদীপ বন্দৰত ৭৯৭ কোটি টকাৰ সেউজ হাইড্ৰ’জেন জেটী নিৰ্মাণত অনুমোদন জনাইছে

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰিষ্কাৰ শক্তি আন্তঃগাঁথনিৰ ত্বৰান্বিতকৰণত বিশেষ অগ্ৰাধিকাৰ দিছে
পাৰাদীপ বন্দৰে প্ৰতি বছৰে ৪ মিলিয়ন টন জেটী পৰিকল্পনাৰ সৈতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনক গতিশীলতা প্ৰদান কৰিব

চাইন অন ডেস্ক:

 কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে পাৰাদীপ বন্দৰত সেউজ হাইড্ৰ'জেন, এম'নিয়া আৰু অন্যান্য তৰল কাৰ্গ' সঞ্চালনৰ বাবে নিৰ্দিষ্ট জেটী আৰু সংশ্লিষ্ট সুবিধাসমূহৰ বিকাশৰ বাবে 
৭৯৭.১৭ কোটি টকাৰ আনুমানিক খৰচত অনুমোদন জনাইছে| এই পৰিকল্পনা পাৰাদীপ বন্দৰ প্ৰাধিকৰণে বিল্ড-অপাৰেট- ট্রেন্সফাৰ (BOT) ভিত্তিত কাৰ্যকৰী কৰিব |
প্ৰস্তাৱিত সুবিধাৰ সঞ্চালন ক্ষমতা হ'ব প্ৰতি বছৰে ৪ মিলিয়ন টন আৰু ই পাৰাদীপ বন্দৰক সেউজ শক্তি কাৰ্গৰ প্ৰাণকেন্দ্ৰ হিচাপে শক্তিশালী কৰিব |
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই অনুমোদনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভৱিষ্যতৰ বাবে সাজু সেউজ পৰিকাঠামো নিৰ্মাণৰ 
দিশত কেন্দ্ৰৰ দৃঢ় প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে|“এই অনুমোদন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাদায়ক নেতৃত্বৰ প্রত্যক্ষ ফলাফল, যিয়ে ভাৰতক পৰিষ্কাৰ শক্তিত বিশ্বৰ আগশাৰীৰ
 দেশ হিচাপে স্থান দিয়াত সহায় কৰিব|তেখেতৰ নিৰ্দেশনাত আমাৰ বন্দৰসমূহ সেউজ বিকাশ, উদ্ভাৱন আৰু বহনক্ষম লজিষ্টিকছৰ গেটৱে হিচাপে ৰূপান্তৰিত হৈছে, সৰ্বানন্দ সোণোৱালে কয়|
উক্ত প্রকল্প অহা ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে |কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এই সেউজ হাইড্ৰ'জেন জেটীয়ে ৰপ্তানি 
লজিষ্টিকছ শক্তিশালী কৰাত আৰু ওড়িশাৰ সেউজ হাইড্ৰ'জেন উৎপাদন ক্লাষ্টাৰসমূহক বিশ্ব বজাৰৰ সৈতে একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব|
“প্রধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰ আৰু পৰিৱেশগতভাৱেদায়িত্বশীল ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ আমি বিশ্বমানৰ বন্দৰ পৰিকাঠামো নিৰ্মাণ 
কৰি আছোঁ, যিয়ে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন মিছনকত্বৰান্বিত কৰিছে| পাৰাদীপৰ এই পৰিকল্পনাই কেৱল কাগ' ক্ষমতা বৃদ্ধি কৰাই নহয়, বিনিয়োগক 
অনুপ্ৰাণিত কৰিব, নিয়োগ সৃষ্টি কৰিব আৰু পূব ভাৰতত সেউজ শক্তিৰ পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিব,” সোণোৱালে যোগ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *