চাইন অন ডেক্সঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ । পঞ্চায়ত নিৰ্বাচনৰ বেলট বাকচ বিতৰণ কেন্দ্র, বেলট বাকচ সংগ্রহ কেন্দ্ৰ, ষ্ট্ৰং ৰুম আৰু ভোটগণনা কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । এই সন্দৰ্ভত অসম ৰাজ্যিক নিৰ্বাচন আয়োগ সংশ্লিষ্ট জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ কেতবোৰ নিদৰ্শনা জাৰি কৰিছে ।
অসম ৰাজ্যিক নিৰ্বাচন আয়োগ বুধবাৰে জাৰি কৰা এক নিদৰ্শনা অনুযায়ী, এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বেলট বাকচ বিতৰণ কেন্দ্র, বেলট বাকচ সংগ্রহ কেন্দ্ৰ, ষ্ট্ৰং ৰুম আৰু ভোটগণনা কেন্দ্ৰ একেটা চৌহদতে স্থাপন কৰিব লাগিব । জিলা আয়ুক্তসকলক এই সম্পর্কত নির্দেশ জাৰি কৰি কেতবোৰ নিয়ম নিৰ্ধাৰণ কৰি দিছে অসম ৰাজ্যিক নির্বাচন আয়োগে