মুঠৰ ওপৰত সন্ত্ৰাসবাদীৰ কোনোধৰনৰ কাৰ্যকলাপক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব।
সেনাধ্যক্ষ উপেন্দ্ৰ দ্বিবেদীক কাষত লৈ ৰাজনাথ সিঙে কয়, “অপাৰেশ্যন সেন্দূৰ এতিয়াও শেষ হোৱা নাই… এই অভিযানৰ জৰিয়তে আমি পাকিস্তানক কৈছোঁ যে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদ অব্যাহত ৰখাটো সহ্য কৰা নহ’ব আৰু ইয়াৰ সঁহাৰি বেয়াৰ পৰা অতি বেয়ালৈ ঢাল খাব ।”
“অপাৰেশ্যন সেন্দূৰ ২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ চনৰ এয়াৰ ষ্ট্ৰাইকৰ (সীমান্তৰ সিপাৰে) এক স্বাভাৱিক অগ্ৰগতি আছিল । আমি পাকিস্তানক জনাইছিলোঁ যে ভাৰতৰ বিৰুদ্ধে দমন-উৎপীড়নৰ নীতি সফল নহ’ব ।” ৰাজনাথ সিঙে কয় ।