পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি ?
তাৰেই অভিযোগত গ্ৰেপ্তাৰ মহিলা ইউটিউবাৰ
গ্ৰেপ্তাৰ কৰিছে মহিলা ইউটিউবাৰ জ্যোতি মালহোত্ৰাক
চাইন অন ডেক্সঃ
হাৰিয়ানাৰ হিছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলা ইউটিউবাৰ জ্যোতি মালহোত্ৰাক। পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত আৰক্ষীয়ে ইউটিউবাৰগৰাকীক গ্ৰেপ্তাৰ কৰিছে । এটা হাই প্ৰফাইল চোৰাংচোৱাগিৰিৰ গোচৰত হিছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁক ।
জানিব পৰা মতে, পাকিস্তান উচ্চায়ুক্তৰ ডেনিছ নামৰ এজন বিষয়াৰ সৈতে তেওঁৰ যোগাযোগ আছিল, যিয়ে তেওঁক পাকিস্তানলৈ যোৱাত সহায় কৰিছিল বুলি অভিযোগ উঠিছে।জ্যোতিয়ে ট্ৰেভেল চেনেল চলাই যদিও পাকিস্তানৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰো অভিযোগ উঠিছে ।
জ্যোতি মালহোত্ৰা পাকিস্তানলৈ গৈছিল :
এফ আই আৰৰ কপি অনুসৰি জ্যোতি মালহোত্ৰাই জেৰাৰ সময়ত আৰক্ষীক জনাইছিল যে তেওঁ ইউটিউবত ‘ট্ৰেভেল উইথ-জো’ নামৰ এটা চেনেল চলাই আছে । ২০২৩ চনত পাকিস্তান ভ্ৰমণৰ বাবে ভিছা লাভৰ বাবে দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়লৈ গৈছিল জ্যোতি, য’ত তেওঁ আহছান-ওৰ-ৰহিম ওৰফে ডেনিছক লগ পাইছিল । আহছান-ওৰ-ৰহিম ওৰফে ডেনিছৰ মোবাইল নম্বৰটো লৈছিল । তাৰ পিছত জ্যোতিয়ে আহছানৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত তেওঁ দুবাৰ পাকিস্তান ভ্ৰমণ কৰে য’ত আহছান-ওৰ-ৰহিমৰ পৰামৰ্শ অনুসৰি আহছানৰ চিনাকি আলী আহৱানক লগ পায় । আলী আহৱানেই তেওঁৰ থকা আৰু ভ্ৰমণৰ ব্যৱস্থা কৰিছিল।
দেশৰ বিশেষ তথ্য পাকিস্তানলৈ প্ৰেৰণ :
জ্যোতিয়ে আৰু কয় যে পাকিস্তানত আলী আহৱানে পাকিস্তানৰ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াৰ সৈতে তেওঁৰ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰিছিল আৰু তাৰ পিছত তেওঁ ছাকিৰ আৰু ৰাণা শ্বাহবাজকো লগ পাইছিল । তেওঁ ছাকিৰৰ মোবাইল নম্বৰটো জাট ৰন্ধাৱা নামেৰে চেভ কৰি থৈছিল যাতে কোনেও সন্দেহ নকৰে । ইয়াৰ পিছত জ্যোতি পুনৰ ভাৰতলৈ উভতি আহে আৰু পিছত হোৱাটছএপ, স্নেপচ্যাট, টেলিগ্ৰাম আদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সকলোৰে সৈতে যোগাযোগ কৰি ৰাষ্ট্রবিৰোধী তথ্য প্ৰেৰণ কৰিছিল । দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ বিষয়া আহছান-ওৰ-ৰহিম ওৰফে ডেনিছক তেওঁ কেইবাবাৰো লগ পাইছিল ।
আৰক্ষীৰ জিম্মাত জ্যোতি মালহোত্ৰা :
জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক হাৰিয়ানাৰ হিছাৰ আদালতত হাজিৰ কৰে আৰু আদালতে তেওঁক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।