...

জ্যোতিপ্ৰসাদৰ চিন্তাদৰ্শক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা মহিলা সংগঠনৰ

Spread the love

জ্যোতিপ্ৰসাদৰ চিন্তাদৰ্শক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা মহিলা সংগঠনৰ

চাইন অন ডেস্ক:

অসমৰ সাহিত্য – সংস্কৃতি তথা সমাজ জীৱনত যুগগ্ৰাহী প্ৰভাৱ পেলাব পৰা, ৰূপান্তৰত বিশ্বাসী জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তাদৰ্শক আজিৰ প্ৰজন্মৰ মাজত ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি দীৰ্ঘম্যাদী কাৰ্যসূচী হাতত লোৱাৰ উদ্দেশ্যে যোৱা ১ ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড়ৰ অন্যতম আগৰণুৱা মহিলা সংগঠন পদুম নগৰ মহিলা সমিতিয়ে পদুম নগৰত এখন ৰাজহুৱা সভাত মিলিত হয়। মহান গণশিল্পী গৰাকীৰ পবিত্ৰ সোঁৱৰণত এগছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। বিশেষকৈ উঠি অহা প্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰথমে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীত-মাত-চিত্ৰাঙ্কণ আদিৰ বিষয়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পদুম নগৰৰ অন্যতম নেতৃস্থানীয় তথা পদুম নগৰ মহিলা সমিতিৰ সভানেত্ৰী ৰীণা চমুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মহিলা সমিতিৰ সম্পাদিকা ভাৰতী সেনাপতিয়ে সভাত উপস্থিত থকা বিশিষ্ট অতিথি সকলক সম্বৰ্ধনা জনোৱাৰ পাছত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সাংস্কৃতিক সভানেত্ৰী চুৰাতন নিচাই। লুপিকা বৰুৱাই আঁত ধৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা আৰু আদৰ্শক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পদুম নগৰ মহিলা সমিতিয়ে লোৱা পদক্ষেপক প্ৰশংসা কৰি একোটিকৈ ভাষণ দিয়ে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, সদস্য দৰ্শন দাস, সমিতিৰ প্ৰাক্তন সভানেত্ৰী কাঞ্চন বৰুৱা, নিৰলা ৰাজখোৱা আদিয়ে।
উক্ত সভাত বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় শিশু বন্ধু খ্যাত হিৰণ্য সেনাপতি, ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক মানস কুমাৰ চমুৱা, পি এইচ ডি প্ৰাপক দিক্ষীতা দুৱৰা আৰু স্থানীয় অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ সুস্মিতা বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *