...

ডিব্ৰুগড়ত জিলা পৰ্য্যায়ৰ “আদি কৰ্মযোগী অভিযান”ৰ অভিমুখীকৰণ কাৰ্যসূচী।

Spread the love

ডিব্ৰুগড়ত জিলা পৰ্য্যায়ৰ “আদি কৰ্মযোগী অভিযান”ৰ অভিমুখীকৰণ কাৰ্যসূচী।

জিলাখনত ৬৩ খন জনজাতীয় গাঁও তালিকাভুক্ত

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যলয়ৰ প্ৰশিক্ষণ ভৱনত আজি জিলা পৰ্যায়ৰ “আদি কৰ্মযোগী অভিযান”ৰ অভিমুখীকৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, “আদি কৰ্মযোগী অভিযান” হৈছে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক অভিলাসী তথা দূৰদৰ্শী আঁচনি, যাৰ মুখ্য উদ্দেশ্য হ’ল জনজাতীয় লোকসকলৰ জীৱন যাত্ৰাৰ মান উন্নত কৰি স্বাৱলম্বী কৰি তোলা।এই অভিযান কেৱল এটা কাৰ্যসূচী নহয়, বৰঞ্চ ই জনজাতীয় জনসাধাৰণক সামাজিক জীৱনত ইতিবাচক পৰিবৰ্তন আনিবলৈ গ্ৰহণ কৰা এটি দীর্ঘম্যাদী কৌশল।
এই আঁচনিৰ দ্বাৰা চৰকাৰী কৰ্মচাৰী সকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে আদি কৰ্মযোগী হিচাপে সৱলীকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে, লগতে স্বেচ্ছাসেৱী সংগঠন আদিকো এই পদক্ষেপত জড়িত কৰা হৈছে । জনজাতীয় অঞ্চল সমূহত সামৰ্থ্য বৃদ্ধি কাৰ্যসূচীৰ বাবে জিলা পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষণ সমিতি আৰু ব্লক পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষণ সমিতি সমূহ জিলা পৰ্যায় আৰু খণ্ড উন্নয়ন পৰ্যায়ত গঠন কৰা হৈছে।জিলা তথ্য আৰু জনসংযোগ বিষয়া,ডিব্ৰুগড়। জিলা পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষকসকলে ইতিমধ্যে গুৱাহাটিত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।
জিলাখনত বৰ্তমানলৈকে ৬৩ খন জনজাতীয় গাঁও তালিকাভুক্ত হৈ আছে।
“আদি কৰ্মযোগী অভিযানৰ” অভিমুখীকৰণ কাৰ্যসূচীত উপস্থিত থাকি জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কয় যে, ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগে আৰ্থ-সামাজিক সুৰক্ষাজনিত চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়নৰ জৰিয়তে জনজাতীয় সমাজখনৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আৰম্ভ কৰা “আদি কৰ্মযোগী অভিযান” সফল কৰিবলৈ হ’লে আৰম্ভনীৰে পৰাই প্ৰতিটো বিভাগে তৃণমূল পৰ্যায়লৈ গৈ জনসাধাৰণৰ বাস্তৱিক প্ৰয়োজনীয়তাসমূহ অনুধাৱন কৰিব লাগিব।
এই অভিযানৰ দ্বাৰা চৰকাৰী আঁচনিসমূহে যাতে জিলাখনৰ প্ৰতিখন জনজাতীয় গাঁৱে ঢুকি পায় আৰু চৰকাৰী সা-সুবিধাসমূহ যাতে সঠিকভাবে উপলব্ধ হয় সেয়া বিভাগসমূহে সুনিশ্চিত কৰিব লাগিব বুলিওঁ তেওঁ নিজ বক্তব্যত উল্লেখ কৰে। জিলা আয়ুক্তগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহৰ লাভালাভৰ বিষয়ে উক্ত অঞ্চল সমূহত বহুল প্ৰচাৰ কৰাৰ লগতে আঁচনিসমূহ যাতে উপযুক্ত ব্যক্তিয়ে লাভ কৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
আজিৰ এই সভাত অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়ববীয়াসকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *