উত্তৰ-পূবত ৰিলায়েন্সে বিনিয়োগ কৰিব ৭৫ হাজাৰ কোটি
অহা ৫ বছৰত বিভিন্ন শিতানত প্ৰতিষ্ঠানটোৱে বৃহৎ পুঁজি বিনিয়োগ কৰিব
নতুন দিল্লী:
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এম ডি মুকেশ আম্বানীৰ বৃহৎ ঘোষণা। অহা ৫ বছৰত ৰিলায়েন্সে উত্তৰ-পূবত বিনিয়োগ কৰিব ৭৫ হাজাৰ কোটি টকা । ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫ত ভাষণ প্ৰদান কৰি মুকেশ আম্বানীয়ে এই কথা ঘোষণা কৰে।আম্বানীৰ মতে এই বিনিয়োগে উত্তৰ-পূবত ২৫ লাখতকৈ অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ মুকলি কৰাৰ সম্ভাৱনা আছে । তেওঁ কয়, “ৰিলায়েন্সে উত্তৰ-পূবৰ ৪৫ নিযুত ভাতৃ-ভগ্নীৰ অধিকাংশৰে জীৱন স্পৰ্শ কৰাৰ আকাংক্ষা কৰিছো। ” ৰিলায়েন্সে বিগত ৪০ বছৰত অঞ্চলটোত প্ৰায় ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে ।
মুকেশ আম্বানীয়ে লগতে উল্লেখ কৰে যে ৰিলায়েন্স ৰিটেইলে উত্তৰ-পূবৰ ৰাজ্যসমূহত অঞ্চলটোৰ শীৰ্ষ এফ এম চি জি সামগ্ৰীৰ কাৰখানাত বিনিয়োগ কৰিব আৰু অঞ্চলটোৰ শিল্প অৰ্থনীতিক প্ৰচাৰ কৰিব । লগতে আম্বানীয়ে কয়, “জিঅ’ই ইতিমধ্যে ৫০ লাখতকৈ অধিক ৫জি গ্ৰাহকৰ সৈতে ৯০ শতাংশ জনসংখ্যাক সামৰি লৈছে ।”
মুকেশ আম্বানীয়ে লগতে উত্তৰ-পূবত ৩৫০ টা ইণ্টিগ্ৰেটেড কম্প্ৰেছ বায়’গেছ উদ্যোগ স্থাপন কৰি বিশাল পৰিত্যক্ত ভূমিক সম্পদলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিছে ।
উত্তৰ-পূবত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত পৰিকল্পনাৰ কথা উল্লেখ কৰি আম্বানীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত শ্ৰেষ্ঠ কেন্সাৰ কেয়াৰ ব্যৱস্থা অনাৰ পৰিকল্পনা কৰা হৈছে । তেওঁ কয়, “প্ৰাৰম্ভিক পৰ্যায়ত আমি মণিপুৰত ১৫০ বিচনাযুক্ত এখন বিস্তৃত কেন্সাৰ চিকিৎসালয় স্থাপন কৰিছোঁ । জিন’মিক ডাটা ব্যৱহাৰ কৰি আমি মিজোৰাম বিশ্ববিদ্যালয়ৰ সৈতে স্তন কেন্সাৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছো । গুৱাহাটীত আমি এক উন্নতমানৰ মলিকুলাৰ ডায়েগনষ্টিকছ এণ্ড ৰিছাৰ্চ লেব নিৰ্মাণ কৰিছোঁ । ই ভাৰতৰ সৰ্ববৃহৎ জিন’ম ছিকুৱেন্সিং কেপাচিটিৰ ভিতৰত থাকিব । আমি উত্তৰ-পূবক স্বাস্থ্যসেৱাৰ কেন্দ্ৰ আৰু গৱেষণা শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাত সহায় কৰিম ।”