নগাঁৱৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান
নগাঁও,
নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত উপনীত হৈছে। এই গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানটি আগন্তুক ২০২৬বৰ্ষৰ ১৬,১৭ আৰু ১৮ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। মঙলবাৰে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে অধ্যক্ষা হিৰামনি বৰুৱাই। ইফালে মহাৰজত জয়ন্তীৰ প্ৰথম কাৰ্যসূচী “প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন”খনি অহা ২৩ নৱেম্বৰত বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হ’ব। সংবাদমেলযোগে মহাপুৰুষ গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনলৈ ৰাজ্য তথা দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত থকা সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিতি কামনা কৰে আহ্বায়ক মণ্ডলীয়ে। এই সংবাদমেলত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উপেন চন্দ্ৰ কলিতা, কোষাধ্যক্ষ হিৰণ্য কলিতা,ইন্দ্ৰমোহন বৰুৱা,গুণমণি কলিতাৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনৰ আহাব্বায়ক মণ্ডলী ক্ৰমে ভাস্কৰ জ্যোতি বৰা,গিৰিশ বৰা,নবী হুছেইনকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ লগতে মহাৰজত জয়ন্তী উৎসৱৰ বিষয়ে সবিশেষ জানিবলৈ 9706991534,8761866224, 7002794273 নম্বৰত যোগাযোগ কৰিবলৈ সংবাদমেলত আহ্বান জনায়
