Skip to content আবাল-বৃৃদ্ধ-বনিতা-শিশুসহিত প্ৰায় চাৰি শতাধিক ৰাইজৰ অশ্ৰু অঞ্জলি
চাইন অন ডেস্ক:
অসমীয়া সংগীত জগতৰ মহীৰুহ, লক্ষাধিক হৃদয়ৰ স্বৰ স্বৰূপ জুবিন গাৰ্গৰ অকাল প্ৰয়াণে ৰাজ্যৰ সংগীত জগতত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। সমগ্র অসম আজি শোকাহত। সংগীত জগতৰ মহানায়কক সমগ্র ৰাজ্যবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে জনোৱা শ্ৰদ্ধাঞ্জলি অভূতপূর্ব বিৰল দৃশ্য। সমগ্র অসমৰ লগতে বাণীপুৰতো আবেলি ৬ বজাৰ পৰা দুঘণ্টা সময় জোৰা সময় ধৰি মহান শিল্পীজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক অনুষ্ঠান আয়োজন কৰা হয়। আবাল-বৃৃদ্ধ-বনিতা-শিশুসহিত প্ৰায় চাৰি শতাধিক ৰাইজে এই অনুষ্ঠানটোত অশ্ৰু অঞ্জলি যাচে। ধূপ-দীপেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাইজে এটি মৌন সমদল কৰে। মৌন সমদলৰ অন্তত ‘মায়াবিনি’ৰ সুৰেৰে আকাশ বতাহ গুঞ্জৰিত কৰে সমবেত ৰাইজে। বাণীপুৰ শাখা সাহিত্য সভা, পূৰ্বাঞ্চল নৱজ্যোতি সংঘ, বাণীপুৰ মহিলা সমিতি, প্ৰবীণ নাগৰিক সংঘ, বাণীপুৰৰ সমূহ নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটো সমাপন কৰা হয়। অসমৰ ৰাইজৰ অশ্রু অঞ্জলিয়ে প্ৰমাণ কৰিলে যে-জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, এটা যুগ আছিল। তেওঁৰ কণ্ঠ আছিল মানুহৰ হৃদয়ৰ ভাষা। মৃত্যুৱে কায়িকভাৱে কাঢ়ি নিলেও অসমীয়া সংগীতৰ আকাশত তেওঁ অমলিন জোনাকী হৈ চিৰকাল জ্বলি থাকিব। লক্ষ্য মানুহৰ অন্তৰত জুবিন গাৰ্গৰ শেষ এক অমৰ কাব্যৰ অধ্যায় হৈ থাকিব।