...

জীয়ৰী নৱমল্লিকাৰ তিনি গৰাকী সহপাঠীৰ আত্নহত্যা ?

Spread the love

জীয়ৰী নৱমল্লিকাৰ তিনি গৰাকী সহপাঠীৰ আত্নহত্যা ?

হত্যাকাৰী গৌৰাংগ ড্ৰাগ্‌চ আসক্ত আছিল ?
হত্যাৰ দিনা অত্যাধিক ড্ৰাগ্‌চ সেৱন কৰিছিল?

এগৰাকী মহিলা ঠিকাদাৰক সোধ-পোচ

বেংকত ফিক্স কৰি ৰখা লক্ষাধিক টকাৰ মেচুৰিটি

কোন হব এই বিশাল টকাৰ অধিকাৰী ?

 

চাইন অন ডেস্ক:

এগৰাকী উদ্যমী,নম্ৰ,সকলোতে বেছ জনপ্ৰিয়, সুঠাম চেহেৰাৰ উত্তম গগৈ ওৰফে চেংকাইৰ হত্যাকাণ্ড আজিও সৰ্ব্বত্ৰে ব্যাপক চৰ্চা।ডিব্ৰুগড়ৰ আৰক্ষীয়ে অতি দক্ষতাৰে এই পৰ্যন্ত হত্যাকাণ্ডত জৰিত চাৰি গৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।ইয়াৰে হত্যাকাৰী গৌৰাংগ আৰু চেংকাইৰ জীয়ৰী নৱমল্লিকা কিশোৰ-কিশোৰী হোৱাৰ বাবে যোৰহাটৰ শিশু গৃহলৈ প্ৰেৰণ কৰাৰ বিপৰীতে চেংকাইৰ পত্নী ববী সোণোৱাল গগৈ আৰু দীপজ্যোতি বুঢ়াগোহাঁইক যোৱা ৬ আগষ্টত পুনৰ আৰক্ষীয়ে চাৰিদিন জিম্মাত লৈ তদন্ত চলাই আছে।অবশ্যে হত্যাকাৰী ধৰা পৰিলেও, চেংকাইক কিয় বা কি কাৰণত হত্যা কৰা হল সেয়া এতিয়াও ধূসৰ হৈয়ে আছে।আনহাতে তদন্তৰ খাতিৰত আৰক্ষীয়ে বিশেষ কোনো তথ্য প্ৰদান কৰাৰ পৰা বিৰত আছে।সেয়ে তদন্তৰ সময়চোৱাত আৰক্ষীয়ে কি কি তথ্য লাভ কৰিছে,সেয়া জানিব নোৱাৰিলেও, আমাৰ অনুসন্ধানত হত্যাকাৰীৰ কিছু ভয়াৱহ ব্যক্তিগত দিশ উন্মোচিত হৈছে।যিবোৰে আপোনাৰো চকু কপালত তুলিব !
জীয়ৰী নৱমল্লিকাৰ তিনি গৰাকী সহপাঠীৰ আত্নহত্যা ?
চেংকাইৰ নৱম শ্ৰেণীত অধ্যয়ন কৰা জীয়ৰী নৱমল্লিকাৰ তিনিগৰাকী সহপাঠীয়ে বিভিন্ন কাৰণত,ভিন্ন সময়ত আত্মহত্যা কৰা ঘটনা উন্মোচিত হৈছে।জানিব পৰা অনুসৰি নৱমল্লিকাই অধ্যয়ন কৰা চল্ট ব্ৰুক স্কুলৰ একেখন বেঞ্চত বহিছিল পাঁচ গৰাকীকৈ ছাত্ৰী।
ইয়াৰে তিনিগৰাকী ছাত্ৰীয়ে ইতিমধ্যেই নিজ নিজ কাৰণত,বিভিন্ন পৰিৱেশত আত্মহত্যা কৰা বুলি সূত্ৰই দাবী কৰিব বিছাৰে।আকৌ ইয়াৰে এগৰাকী সৌভাগ্যক্ৰমে ডিব্ৰুগড়ৰে আন এখন প্ৰতিস্থিত বিদ্যালয়লৈ বদলি হৈ যায়।কিন্তু চল্ট ব্ৰুক স্কুলত একেখন বেঞ্চৰে কেৱল নৱমল্লিকা অকলশৰীয়া হৈ থাকি যায়।এনে পৰিস্থিতিত নৱমল্লিকাৰ কিছু পৰিমাণে হলেও মানসিক স্থিতি সলনি হোৱাৰো অৱকাশ নথকা নহয়।
হত্যাকাৰী গৌৰাংগ ড্ৰাগ্‌চ আসক্ত আছিল ?
হত্যাৰ দিনা অত্যাধিক ড্ৰাগ্‌চ সেৱন কৰিছিল?
বৰবৰুৱা আৰক্ষী থানাৰ অৰ্ন্তগত জামিৰা পাত্ৰ গাওঁৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ একমাত্ৰ সন্তান গৌৰাংগ পাত্ৰ।বয়স ১৭ বছৰ অতিক্ৰম কৰিছে মাত্ৰ।ঘৰৰ একমাত্ৰ সন্তান হোৱাৰ বাবেই সৰুৰে পৰাই অবাধ স্বাধীনতা আৰু সুবিধা গ্ৰহণ কৰি আহিছিল।কোনো কালেই একো বস্তুৰে অভাৱ নহৈছিল।বাইক লৈ বগীবিলৰ ৰাজপথত ষ্টান্ট কৰাৰো অভিযোগ আছে।এই গৌৰাংগৰ ভাল বন্ধু আছিল নৱমল্লিকাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁইৰ সতে।গৌৰাংগৰ বয়স কম হোৱাৰ লগতে ড্ৰাগ্‌চ আসক্তি থকাৰ অচিলা লৈ ধনৰ প্ৰলোভনৰে দীপজ্যোতিয়ে হত্যাকাণ্ডৰ দৰে জঘন্য কাণ্ডত জৰিত কৰাবলৈকো সুবিধা পালে বুলিও এতিয়া সমগ্ৰ বৰবৰুৱাৰ আকাশে-বতাহে।অৱশ্যে আৰক্ষীয়ে এতিয়াও গৌৰাংগ, ড্ৰাগ্‌চ সেৱনকাৰী বা ড্ৰাগ্‌চ আসক্তি থকাৰ ক্ষেত্ৰত কোনো মত প্ৰকাশ কৰা নাই বা প্ৰমাণিত হোৱাৰ তথ্য লাভ কৰা নাই।
অভিযোগ অনুসৰি তথা স্থানীয় ৰাইজৰ মতামত অনুসৰি উক্ত দিনা অত্যাধিক ড্ৰাগ্‌চ সেৱন কৰাৰ ফলস্বৰূপে গৌৰাংগই উক্ত জঘন্য হত্যাকাণ্ডৰ সৈতে জৰিত হৈ পৰিছিল।অবশ্যে সেয়া আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছতহে সকলো পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।
এগৰাকী মহিলা ঠিকাদাৰক সোধ-পোচ
বৰবৰুৱাৰ দেইলী বজাৰৰ নৱগৃহৰ নিৰ্মাণ কাৰ্যত জৰিত থকা গগৈ ওজা উপাধিৰ এগৰাকী মহিলা ঠিকাদাৰক তদন্তৰ খাতিৰত বৰবৰুৱা আৰক্ষীয়ে কেইবা ঘন্টা ধৰি সোধা-পোচা কৰে।কিয়নো উক্ত মহিলা ঠিকাদাৰ গৰাকী প্ৰয়াত চেংকাইৰ সতে বহু কোটি টকাৰ ব্যৱসায়ীক লেনদেন আছিল।জানিব পৰা অনুসৰি এতিয়াও ঠিকাদাৰ গৰাকীয়ে কেইবা লাখ টকা পৰিশোধ কৰিবলৈ বাকী আছে।তদন্তৰ সময়চোৱাত আৰক্ষীয়ে আৰু কি কি নতুন তথ্য লাভ কৰে,সেয়া জানিবলৈ দিয়া হোৱা নাই।মুঠৰ ওপৰত উক্ত মহিলা ঠিকাদাৰ গৰাকীৰ সৈতে চেংকাইৰ লগতেই নহয় পৰিয়ালৰ লগতো বহু আত্মীয়তা আছিল।তেনেদৰেই চেংকাইৰ লগত ব্যৱসায়ীক লেনদেন থকা প্ৰায় সংখ্যক লোকক তদন্তৰ আওতালৈ আনিব বুলিও জানিব পৰা গৈছে,যদিওবা চেংকাইৰ শাশুক অৰ্থাৎ ববী সোণোৱাল গগৈৰ মাকক এই পৰ্যন্ত তদন্তৰ খাতিৰত আনিছিল নে নাই সেয়া জানিব পৰা হোৱা নাই।খবৰ অনুসৰি ২,কোটি টকাৰ অধিক টকা এতিয়াও পাবলৈ থাকিল প্ৰয়াত চেংকাইয়ে।
বেংকত ফিক্স কৰি ৰখা লক্ষাধিক টকাৰ মেচুৰিটি (পৰিপক্ব)
চলিত বছৰৰ শেষত চেংকাইৰ লক্ষাধিক টকাৰ মেচুৱেৰিটি হোৱাৰ খবৰেও যথেষ্ট প্ৰাধান্য পাইছে।গাওঁবাসীৰ মাজতো এতিয়া সৰব আলোচনা।কি হব এতিয়া সেই টকা ? কোন হব এই বিশাল টকাৰ অধিকাৰী ? এনেবোৰ প্ৰশ্নই এতিয়া প্ৰধানকৈ বিচাৰ্যৰ বিষয় হৈ পৰিছে।খবৰ অনুসৰি ব্যৱসায়ৰ সাম্ৰাাজ্য বিস্তাৰিত হোৱাৰ পাছত চেংকাইয়ে প্ৰতিমাহে বহু টকা ফিক্স কৰিছিল বেংকত।উক্ত টকাৰ ন’মিনি হিচাপে পত্নী ববী সোণোৱাল গগৈৰ নাম দিয়া হৈছিল।কেৱল বেংকতে নহয়,পষ্টেল বিভাগতো ৰাখি গৈছিল বিশাল পৰিমাণৰ ধন।এক সূত্ৰৰ মতে উক্ত সকলো একাউণ্টৰ গৰাকী খোদ ববী সোণোৱাল গগৈ।ববীয়েই সকলো ধন জমা কৰিছিল আৰু সকলো ধনৰো লেনদেন ববীৰ একাউণ্টৰ লগতে হৈছিল।তদন্তৰ পাছতহে এই সকলোবোৰ পৰিস্ফুট হোৱাৰ অৱকাশ আছে।
এতিয়া সেই বিশাল ধনৰাশিৰ গৰাকী হব কোন ? তাকো লৈ চলিছে সৰব চৰ্চা।
কিয়নো চেংকাইৰ কিশোৰ লৰাটো যি বৰ্তমানে ষষ্ঠ শ্ৰেণীত তাৰ দায়িত্ব পৰিয়ালে নোলোৱাৰ লগতে গাওঁ বাসীয়েও লবলৈ অস্বীকাৰ কৰিছে। “মোৰ নিজৰেই চলিব অসুবিধা।তাৰ ওপৰত ইমান আলাসত ডাঙৰ হোৱা লৰাক মই চম্ভাোম কেনেকৈ” ?
একমাত্ৰ দদায়েকেও একেমুখে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।সেয়ে এই ক্ষেত্ৰত ৰাইজৰ লগতে গাওঁবাসীয়ে জিলা প্ৰশাসনৰ সহায় বিছাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *