...

মহ জনিত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ অভিনৱ পদক্ষেপ ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ

Spread the love

মহ জনিত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ অভিনৱ পদক্ষেপ ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ

৩০০০ গাম্বুচিয়া মাছৰ পোনা মুকলি চহৰৰ নলা – নৰ্দমাত

ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ, ডিব্ৰুগড়ৰ উদ্যোগত এই কাৰ্যসূচী

চাইন অন ডেস্ক:

– মহ জনিত ৰোগ নিয়ন্ত্ৰণৰ বাবে এক সক্ৰিয় পদক্ষেপৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই আজি মহানগৰীৰ বিভিন্ন নলাত ২০০০ গাম্বুচিয়া মাছৰ পোনা মুকলি কৰি দিয়ে। তদুপৰি দিনজান‌ আৰ্মি কেম্পকো ১০০০ গাম্বুচিয়া মাছৰ পোনা বিতৰণ কৰা হয়। জিলাখনত মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছৰ দৰে বাহকজনিত ৰোগক প্ৰতিহত কৰাৰ উদ্দেশ্যেৰে
এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখযোগ্য যে, মহৰ মাছ বুলিও জনাজাত গাম্বুচিয়া মাছক মহৰ পোনা (কণী) নিয়ন্ত্ৰণৰ বাবে জৈৱিক কাৰক হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয়। এই মাছবোৰে মহৰ কণী আৰু পোনা খায়, যাৰ ফলত মহৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে মহ জনিত ৰোগ বিয়পা ৰোধ কৰাত সহায় কৰে। এটা পূৰ্ণবয়স্ক গাম্বুচিয়া মাছে প্ৰতিদিনে ১০০-৩০০ টা মহৰ পোনা খাব পাৰে।
উল্লেখযোগ্য যে, জিলাখনৰ স্বাস্থ্য বিভাগে লোৱা এই পদক্ষেপ হৈছে মহৰ সংখ্যা নিয়ন্ত্ৰণ বা হ্ৰাস কৰাৰ‌ বাবে ৰাসায়নিক কীটনাশকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে কৰা এক ঐকান্তিক প্ৰচেষ্টাৰ এটা অংশ।সেই মৰ্মেই আজি মহৰ প্ৰজনন প্ৰৱণ অঞ্চলসমূহক লক্ষ্য কৰি তথা ৰোগ সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ চহৰৰ বিভিন্ন নলাত এই গাম্বুচিয়া মাছ মেলা হয়।
ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে জৈৱিক আৰু সংহত বাহকজনিত ৰোগ ব্যৱস্থাপনা কৌশলৰ সংমিশ্ৰণৰ জৰিয়তে মহৰ দ্বাৰা সংক্ৰমিত ৰোগ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ পৰিকল্পনা কৰি সুস্থ পৰিৱেশ গঢ়ি তুলি নগৰবাসীক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *