...
Spread the love

পাটনাত নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব’

ৰাজপথত ফুলেৰে আদৰিলে হাজাৰ হাজাৰ অনুৰাগীয়ে

 

পাটনাঃ

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে বিহাৰ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আজি পটানাত অজস্ৰ অনুৰাগীয়ে হাতত ত্ৰিৰংগ আৰু দেশপ্ৰেমমূলক শ্লোগানেৰে আদৰণি জনায়। আজি তেওঁ পাটনাত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। তাৰ পূৰ্বে তেওঁক বিমান বন্দৰত ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাই আদৰণি জনায়।
বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন টাৰ্মিনেলটো উদ্বোধন কৰে। তাৰ পিছত তেওঁ পাটনাৰ উপকণ্ঠ বিহতাত নতুন চিভিল এনক্লেভৰ আধাৰশিলা স্থাপন কৰে।
দুয়োটা প্ৰকল্পৰ বাবে একেলগে ২,৬১৩ কোটি টকা ব্যয় কৰা হৈছে আৰু ভ্ৰমণকাৰীসকলক বিশ্বমানৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াৰ পিছতে বিমানবন্দৰৰ সমীপৰ অৰণ্য ভৱনৰ বাহিৰৰ পৰা আৰম্ভ হোৱা ৰোডশ্ব’ত অংশগ্ৰহণ কৰে আৰু ৪ কিলোমিটাৰ ভ্ৰমণ কৰি বীৰচান্দ পেটেল মাৰ্গৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়।

মোডীৰ এই ৰোড শ্ব’ৰ সময়ত পথৰ দুই ফালে আৰু ঘৰৰ ছাদত হাজাৰ হাজাৰ লোক গোট খাই মোডী আদৰণি জনায়। বহুতেই হাতত অপাৰেচন সিন্দূৰৰ বেনাৰ লৈয়ো শাৰী পতা দেখিবলৈ পোৱা গ’ল। পথৰ কাষত বেৰিকেডৰ সিপাৰৰ পৰাই এই লোকসকলে মোডীৰ বাহনলৈ ফুল দলিয়াই তেওঁৰ নামত আৰু দেশৰ নামত বিভিন্ন শ্লোগানো দিয়ে।

উল্লেখ্য যে, আজি নিশাটো প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ ৰাজভৱনতে অতিবাহিত কৰি শুকুৰবাৰে পুৱা ৰোহতাছ জিলালৈ ৰাওনা হ’ব। তাতেই তেওঁ ৪৫ হাজাৰ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব আৰু এক সমাবেশত ভাষণ প্ৰদান কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *