সাত বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা নামৰূপত
মৃতদেহ লুকুৱাই ৰাখিছিল বাগিছাৰ নলাত
নিশা নামৰূপ থানাত উত্তপ্ত পৰিস্থিতি
হত্যাকাৰীক মাৰিবলৈ থানাত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদী জনতাৰ
চাইন অন ডেস্ক:
জঘন্য! পশুতকৈ অধম!ভাষা নাই।জীৱনৰ ৰংবোৰ বুজি নাপাওতেই, পখিলা খেদা বয়সত এটি নিস্পাপ শিশুক অতি নিৰ্মমভাবে হত্যা কৰা হল।
এগৰাকী ৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে নিশা উত্তপ্ত হৈ পৰে নাহৰকটীয়াৰ নামৰূপ থানা।উত্তেজিত জনতাই নিশা নামৰূপ থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে হত্যাকাৰীক ৰাইজক চমজাই দিয়াৰ দাবীত ঘন্টা ঘন্টা ধৰি অৱৰোধ কৰি ৰাখে নামৰূপ থানা।
ঘটনা অনুসৰি নামৰূপ কছাৰী পথাৰ গড় বস্তিৰ জিতেন লোহাৰ নামৰ এজন ব্যক্তিয়ে শনিবাৰে দিনৰ ভাগত গাওঁখনৰে এগৰাকী সাত বছৰীয়া কন্যাক মাছ ধৰাৰ চলেৰে ফুচলাই আনি ধৰ্ষণ কৰি অতি নিৰ্মম ভাবে মুখত সোপা দি হত্যা কৰি গাওঁখনৰে এখন চাহ বাগিছাৰ নলাত মৃতদেহটো লুকুৱাই ৰাখিছিল।
পিছত পৰিয়ালৰ লোকে সন্ধ্যালৈকে নিজ সন্তানক ঘৰত বিচাৰি নোপোৱাত পৰিয়ালত হাহাকাৰ লাগে।গাওঁবাসীয়ে কনমানিজনীৰ বিচাৰ খুচাৰ আৰম্ভ কৰাত নিশা চাহ বাগিছাৰ নলাত উলংগ অৱস্থাত মৃতদেহটো লুকুৱাই থোৱাৰ প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়াত নামৰূপ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃহদেহ উদ্ধাৰ কৰে।
ইফালে স্থানীয় ৰাইজে হত্যাকাৰী জিতেন লোহাৰক ধৰি আনি উত্তম মাধ্যম শোধায় যদিও আৰক্ষীয়ে জিতেন আটক কৰি থানালৈ লৈ আনে।ইফালে শ শ উত্তেজিত জনতাই নিশা নামৰূপ থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।উত্তেজিত জনতাই হত্যাকাৰীক জনতাক চমজাই দিয়াৰ দাবীত পুলিচৰ বাধা নেউচি থানাত প্ৰৱেশৰ চেষ্টা চলায়।
পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত নিশাই হত্যাকাৰীক নামৰূপ আৰক্ষীয়ে গোপন স্থানলৈ স্থানান্তৰ কৰে।ইয়াৰ পূৰ্বে জিতেন লোহাৰ নামৰ ব্যক্তিয়ে নিজ মাতৃক হত্যা কৰি কৰাৱাস খাটি আহিছিল।ইতিমধ্যে নামৰূপ আৰক্ষীয়ে পচক’ এক্টৰ অধীনৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।