১০,০০০ কোটি টকাৰ বিনিয়োগেৰে নতুন ব্ৰাউনফিল্ড এম’নিয়া-ইউৰিয়া কমপ্লেক্স
নামৰূপৰ চতুৰ্থ সাৰ প্ৰকল্পৰ নিৰ্মাণ হ’ব
চাইন অন ডেস্ক:


সোণোৱালে কয়, “ইতিমধ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে এই প্ৰকল্পত অনুমোদন জনাইছে। আজি নামৰূপ সাৰ কাৰখানা প্ৰাঙ্গণত উপস্থিত হৈ উক্ত প্ৰকল্পৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে আলোচনা কৰোঁ আৰু লগতে অন্যান্য কাম-কাজৰো অগ্ৰগতিৰ খতিয়ান লওঁ। এই অভিলাষী পদক্ষেপে কৃষি উৎপাদনশীলতা বৃদ্ধি, কৰ্মসংস্থাপনৰ ব্যাপক সুযোগ সৃষ্টি আৰু ঔদ্যোগিক আন্তঃগাঁথনি শক্তিশালী কৰি উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ অন্যতম উৎপাদনশীল প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব।”