ছাত্ৰীৰ মৃত্যুক লৈ চেন্নাইত অসহায় নলবাৰীৰ পৰিয়াল
ছাত্ৰীৰ মৃতদেহ ঘৰলৈ আনিবলৈ অসমৰ্থ ডিম্পীৰ পৰিয়াল
চাইন অন ডেস্ক:
চেন্নাইত দুখৰ সাগৰত পৰিছে নলবাৰীৰ এটা পৰিয়াল । এগৰাকী ছাত্ৰীৰ মৃত্যুক লৈ ভয়ংকৰ বিপদত পৰিছে ছাত্ৰী গৰাকীৰ পৰিয়ালটো । নলবাৰীৰ বৰী গাওঁ নিৱাসী কুমুদ বায়নৰ একমাত্ৰ কন্যা ডিম্পী বায়নৰ আকস্মিক মৃত্যুৰ পিছতে ভয়ংকৰ বিপদত পৰিছে পৰিয়ালটো । চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ পৰা যোৱা বৰ্ষত স্নাতক উত্তীৰ্ণ হোৱাৰ পিছতে ডিম্পীয়ে ব্ৰেইনৰ এক জটিল ৰোগত আক্ৰান্ত হৈছিল । দীৰ্ঘদিন ধৰি গুৱাহাটীত চিকিৎসা কৰোৱাৰ অন্তত শেহতীয়াকৈ ছাত্ৰী গৰাকীক চিকিৎসাৰ বাবে পৰিয়ালে লৈ গৈছিল চেন্নাইলৈ । চেন্নাইৰ এপল’ হস্পিতালত চিকিৎসাধীন অৱস্থাতে কালি শেষ নিশ্বাস ত্যাগ কৰে ডিম্পীয়ে । এপল’ হস্পিতালত ছাত্ৰী গৰাকীৰ ব্ৰেইনৰ বায়’চাৰ্জাৰী কৰাৰ পিছতে ছাত্ৰী গৰাকীয়ে সকৰুণ মৃত্যুক আকোৱালী লয় । ছাত্ৰী গৰাকীৰ মৃত্যুৰ পিছতে বিপাঙত পৰে পৰিয়ালটো । ছাত্ৰী গৰাকীৰ মৃতদেহ গৃহলৈ ঘুৰাই অনাৰ বাবে ভয়ংকৰ সমস্যাত পৰিছে পৰিয়ালটো । আজি পুৱাৰ ভাগত পৰিয়ালটোৰ সদস্যই ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সহায় বিছাৰি ফোনৰ উপৰি ফোন কৰাৰ লগতে মেচেজ কৰিলে । পিছে মন্ত্ৰীৰ পৰা বিশেষ সঁহাৰি নাপাই পৰিয়ালটো বিপাঙত পৰিছে । অৱশেষত পৰিয়ালটোৱে ছাত্ৰী গৰাকীৰ মৃতদেহটো গৃহলৈ অনাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিছাৰিছে । মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাই পৰিয়ালটোৱে ছাত্ৰী গৰাকীৰ মৃতদেহটো ঘৰলৈ আনি দিয়াৰ আহ্বান জনাইছে।