...

আগন্তুক ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সন্দৰ্ভত নগাঁৱত প্ৰস্তুতি সভা

Spread the love

 

আগন্তুক ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সন্দৰ্ভত নগাঁৱত প্ৰস্তুতি সভা

নগাঁও,১৮ ডিচেম্বৰ:-

দেশৰ আগন্তুক ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াৰ সভাপতিত্বত এখনি প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে অতিৰিক্ত আয়ুক্ত দেবাহুতি বৰাই পূৰ্বৰ সভাৰ কাৰ্য্যবিৱৰণীখন সভাত পাঠ কৰে। আজিৰ সভাত গণৰাজ্য দিৱসটিত বিভিন্ন অনুষ্ঠান আয়োজনৰ সন্দৰ্ভত জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। উল্লেখযোগ্য যে,অহা ইং ১৮ জানুৱাৰীৰ পৰা আৰক্ষী আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলৰ কুজ-কাৱাজৰ অনুশীলন আৰম্ভ কৰা হ’ব। সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আইন শৃংখলাৰ ৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যবস্থাৰ সন্দৰ্ভত অৱগত কৰে। আগন্তুক গণৰাজ্য দিৱসটি জিলাখনত সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে উদযাপিত কৰাৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলক অৰ্পণ কৰা দায়িত্বসমূহ সুচাৰুৰূপে সম্পাদন কৰিবলৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে বিষয়াসকলক আন্তৰিকতাৰে আহ্বান জনায়। উল্লেখিত আজিৰ এই সভাতে জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী,ৰহা সম জিলাৰ সম আয়ুক্ত ড°অংকিতা বৰা,জিলাখনৰ অতিৰিক্ত আয়ুক্তসকল,আৰক্ষী,সামৰিক আৰু অৰ্ধ-সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগসমূহৰ মুৰব্বী বিষয়াসকল, নগাঁও ক্ৰীড়া সংস্থাৰ প্ৰতিনিধি, স্বেচ্ছাসেৱী সংগঠন,মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰতিনিধি আৰু জ্যেষ্ঠ নাগৰিক সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *