...

নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুতেশ্বৰ দেৱ গোস্বামীৰ পৰলোক

Spread the love

 

নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুতেশ্বৰ দেৱ গোস্বামীৰ পৰলোক

 

নগাঁও:-

নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুতেশ্বৰ দেৱ গোস্বামীৰ কালি এখন ব্যক্তিগত নাচিং হোমত পৰলোকপ্ৰাপ্তি হয়। প্ৰয়াত গোস্বামী কিছুদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি নগাঁৱৰ গোহাঁই নাছিং হোমত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে বটদ্ৰৱা নৰোৱা সত্রৰ প্ৰয়াত পুষ্প কান্ত দেৱ গোস্বামীৰ পুত্ৰ সুতেশ্বৰ দেৱ গোস্বামীয়ে শিক্ষা জীৱন আৰম্ভ কৰিছিল বটদ্ৰৱাৰ শ্ৰী শ্ৰী শঙ্কৰদেৱ হাইস্কুলত। পাছত কৰ্ম সূত্ৰে নগাঁৱৰ আমোলাপট্টিত থাকিবলৈ লয়। নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুৰঞ্জী বিভাগত শিক্ষকতা কৰি শেষৰ দুটি বছৰ অধ্যক্ষ পদ অলংকৃত কৰি ১৯৯৫ চনত অৱসৰ গ্ৰহণ কৰিছিল। প্ৰণিধানযোগ্য যে,একান্ত পৰিশ্ৰমী, নিষ্ঠাবান আৰু সাধাৰণ জীৱন যাপন কৰা গোস্বামী এজন সৎ স্বভাৱৰ লোক আছিল। তেখেতৰ বিয়োগৰ খবৰ লাভ কৰাৰ লগে লগে বাসগৃহত অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে উপস্থিত হয়। ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যই মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে। নগাঁও ছয়আলিস্থিত শিৱস্থান শ্মশানত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত সুতেশ্বৰ দেৱ গোস্বামীৰ বয়স হৈছিল ৯০ বছৰ। তেখেতৰ মৃত্যুত নগাঁৱৰ শৈক্ষিক মহলত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *