জুবিন গাৰ্গলৈ উৎসৰ্গিত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনী চূড়ান্ত বিজয়ী
নগাঁও:-
নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সহযোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ উৎসৰ্গিত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বঢ়মপুৰৰ নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীয়ে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। আজি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল খেলত বঢ়মপুৰৰ নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীয়ে ডিমৰুগুৰিৰ উদয়ন সংঘক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে। তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত বঢ়মপুৰৰ নৱম অসম
সশস্ত্ৰ আৰক্ষী বাহিনীৰ হৈ একমাত্ৰ বিজয়সূচক গ’লটো দিয়ে প্ৰিন্স তাঁতীয়ে। বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাই শুভ উদ্বোধন কৰা চূড়ান্ত খেলখন পৰিচালনা কৰে কৃষ্ণকান্ত দাসে। লাইনত সহায় কৰে শৈলেন ভূঞা,ৰয়েল ইছলাম আৰু পবিত্ৰ বৰাই। উল্লেখ্য যে প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ মুস্তাক,চূড়ান্ত খেলৰ শ্ৰেষ্ঠ
খেলুৱৈ প্ৰজ্ঞান গগৈ,শ্ৰেষ্ঠ গ’লৰক্ষক ৰোহিত ৰায়,সৰ্বাধিক গ’ল দিওতা প্ৰিন্স তাঁতী,শ্ৰেষ্ঠ উদীয়মান খেলুৱৈ হিচাপে মানস জ্যোতি জমিদাৰে পুৰস্কাৰ লাভ কৰে। প্ৰতিযোগিতাখনৰ চুড়ান্ত বিজয়ী আৰু বিজিত দলক নগদ ধন,মানপত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয়। চূড়ান্ত খেলখন অনুষ্ঠিত হোৱাৰ পূৰ্বে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰক্ষী বিষয়া তথা প্ৰাক্তন খেলুৱৈ সোন্তি হাজৰিকাই । ইয়াৰ পিছতে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ জ্ঞাত-অজ্ঞাত প্ৰয়াত সক্ৰিয় কৰ্মীবৃন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভজিৎ গগৈয়ে আঁত ধৰা অনুষ্ঠানত নগাঁও ক্ৰীড়া সন্থাৰ কোষাধ্যক্ষ তথা জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক অসীম ভাৱাল, উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উপদেষ্টা তথা প্ৰবীণ নাট্যকৰ্মী কমলেশ শইকীয়া,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমণি বৰা,সহকাৰী সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য দেৱাশীষ দাস,সমাজকৰ্মী হলি শইকীয়া,পদুম বৰুৱা,উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ক্ৰীড়া সম্পাদক জিতুমনি বৰা,উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰা,সম্পাদক ৰূপৰাম হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰা প্ৰমুখ্যে বহু লোক উপস্থিত থাকে ।