...

নগাঁৱত নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ পালনৰ প্ৰস্তুতি

Spread the love

 

নগাঁৱত নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ পালনৰ প্ৰস্তুতি

 

#প্ৰকাশ পাব “শতবৰ্ষীয় দৃষ্টিঃ নৱকান্ত বৰুৱা” শীৰ্ষক অমূল্য গ্ৰন্থ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা : 

অসমীয়া কাব্যজগতৰ ইতিহাসত অদ্বিতীয় পৰিচয়ৰে পৰিচিত নৱকান্ত বৰুৱা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ব্যাপ্ত এক প্ৰতিভা। এই মহান কবিগৰাকীৰ চলিত বৰ্ষত ২৯ ডিচেম্বৰৰ পৰা জন্ম শতবৰ্ষৰ আৰম্ভণি হ’ব । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পাছত শোকস্তব্ধ অসমবাসীয়ে কবিতাৰ সম্ৰাটগৰাকীৰ জন্ম শতবৰ্ষৰ কথা মনত ৰাখিও যেন পাহৰি পেলাইছিল। অৱশ্যে তাৰ মাজতে কবিগৰাকীৰ জন্মভূমি নগাঁৱত প্ৰয়াত কবিগৰাকীৰ জন্ম শতবৰ্ষ পালনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। কবি নৱকান্ত বৰুৱাৰ শৈশৱৰ চোতালত নগাঁওবাসীয়ে তেখেতৰ ওপজা দিনটোত বিগত পঁয়ত্ৰিছ বছৰে কবিতাৰ দিন হিচাপে পালন কৰি আহিছে। ১৯৯০ চনত “পক্ষীতীৰ্থ” চামগুৰি বিলৰ পাৰত কবিগৰাকীৰ জীৱিত কালতে প্ৰথম নগাঁওবাসীয়ে ওপজা দিনটোত কবিতাৰ দিন হিচাপে পালন কৰি আহিছে। এইবছৰো ২৯ ডিচেম্বৰত নগাঁও নতুন বজাৰস্থিত কবি নৱকান্ত বৰুৱাই শৈশৱ পাৰ কৰা চোতালতে জন্ম শতবৰ্ষ উৎসৱ আৰম্ভ কৰিব বুলি কবিতাৰ দিন উদযাপন সমিতিৰ সভাপতি বিনু লস্কৰ ঠাকুৰীয়া,সম্পাদক দেবেন শইকীয়া আৰু নগাঁও জিলা অকণিৰ সাহিত্য সভাৰ সভাপতি নবীন কলিতা আৰু সম্পাদক কবিন পাটৰে এক প্ৰেছ বিবৃত্তি যোগে জনাইছে। নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষৰ এই অনুষ্ঠানতে প্ৰকাশ পাব কবি কুমাৰ বিভূতিৰ সম্পাদনাত “নৱকান্ত বৰুৱা : শতবৰ্ষীয় দৃষ্টি” শীৰ্ষক এখনি মূল্যৱান গ্ৰন্থ। উল্লেখ্য যে কবিতা দিনৰ অনুষ্ঠানত আমন্ত্ৰিত কবিৰ কবিতা পাঠ,কবি নৱকান্ত বৰুৱাদেৱৰ ৰচিত গ্ৰন্থৰ প্ৰদৰ্শনীৰ লগতে পাঁচগৰাকী শিশু সাহিত্যিকলৈ শিশু শিক্ষা সাহিত্য বঁটা আগবঢ়োৱা হ’ব বুলি আয়োজক সমিতিয়ে জনাইছে। আয়োজক সমিতিয়ে অভ্যাগত সকলো কবি-সাহিত্যিকক একোখিলাকৈ হৰিতকীৰ পাতেৰে আদৰণী জনাব। তাৎপৰ্যপূৰ্ণ যে বিশিষ্ট কবি প্ৰয়াগ শইকীয়াৰ উদ্যোগত বিগত ২০০২ বৰ্ষৰ পৰা বৰ্তমানলৈকে প্ৰয়াত কবিগৰাকীৰ মহাপ্ৰয়াণৰ দিনটো “দলঙত কবিতা” শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। নগাঁৱৰ গৌৰৱ তথা অসমীয়া কাব্যজগতৰ ভোটাতৰাস্বৰূপ কবি নৱকান্ত বৰুৱা “এখুদ ককাইদেউ” নামেৰে জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল। জীৱনৰ প্ৰথমটো কবিতা চিলেথতে লিখা বাবে নন্দ তালুকদাৰে তেওঁক চিলেঠীয়া কবি বুলিছিল। “মোৰ আৰু পৃথিৱীৰ” কাব্য গ্ৰন্থৰ বাবে বৰুৱাই অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। ১৯৭৫ চনত “ককাদেউতাৰ হাড়” উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা আৰু ১৯৭৬ চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মভূষণ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ১৯৯৮ চনত কমল কুমাৰী ফাউণ্ডেচনে প্ৰদান কৰা “কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা” লাভ কৰিছিল। ১৯৯০ চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। এই মহান কবিগৰাকীৰ জন্ম শতবৰ্ষৰ প্ৰাকক্ষণত নগাঁওবাসীয়ে লোৱা পদক্ষেপৰ শলাগ লৈছো সচেতন মহলে।

Leave a Reply

Your email address will not be published. Required fields are marked *